![]()
ডিফুঃ
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ‘MY VOTE IS MY FUTURE—-POWER OF ONE VOTE’ ক থীম হিছাপে লৈ দেশজোৰা ৰাষ্ট্ৰীয় ভোটাৰ সজাগতামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে ৷ প্ৰতিযোগিতাৰ সময়সূচী নিৰ্দ্ধাৰণ কৰা হৈছে ২৫ জানুৱাৰী ২০২২ ৰ পৰা ১৫ মাৰ্চ ২০২২ ৰ ভিতৰত ৷
এইলৈ আজি কাৰবি আংলং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেলৰ আয়োজন কৰি ৰাষ্ট্ৰীষ ভোটাৰ সজাগতামূলক প্ৰতিযোগিতা সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে উপায়ুক্ত দিবাকৰ নাথে ৷ উপায়ুক্ত গৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে কেতবোৰ শ্ৰেণী বিভাজন কৰাৰ লগতে প্ৰতিযোগিতা সমূহ পৰিচালনা কৰিবলৈ কেতবোৰ নীতি-নিৰ্দেশনাও জাৰি কৰিছে বুলি মন্তব্য কৰে ৷
প্ৰতিযোগিতা সমূহ ক্ৰমে, কুইজ প্ৰতিযোগিতা, সমগীত প্ৰতিযোগিতা ভিডিঅ’নিৰ্মাণ প্ৰতিযোগিতা, পষ্টাৰ ডিজাইন প্ৰতিযোগিতা আৰু শ্ল’গান প্ৰতিযোগিতাত বিভক্ত কৰা হৈছে ৷ উল্লেখিত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰিবলগীয়া প্ৰতুযোগী সকলক ক্ৰমে, প্ৰতিষ্ঠান ভিত্তিক, পেশাদাৰী ভিত্তিক আৰু অপেশাদাৰী ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে ৷
ইয়াৰে প্ৰতিষ্ঠান ভিত্তিক প্ৰতিযোগিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পঞ্জীয়নভূক্ত শৈক্ষিক প্ৰতিষ্ঠান, সংগঠন, বিদ্যালয়, মহাবিদ্যালয়, বিশ্বিদ্যালয় আদি , পেশাদাৰীঃ যি সকল ব্যক্তিয়ে জীৱিকা উপাৰ্জনৰ বাবে ভিডিঅ’নিৰ্মান, সংগীত, পষ্টাৰ ডিজাইন আৰু শ্লাগানক বাছি লৈছে , অপেশাদাৰীঃ যি সকল ব্যক্তিয়ে কেৱল বিনোদন হিচাপে ভিডিঅ নিৰ্মান, সংগীত, পষ্টাৰ ডিজাইন আৰু শ্লগান বাছি লৈছে ৷ উল্লেখিত প্ৰতিযোগিতাত বিজয়ী সকলৰ বাবে নিৰ্বাচন আয়োগে আকৰ্ষ্ণীয় নগদ ধনৰ পুৰষ্কাৰ ঘোষণা কৰিছে ৷
—-সংগীত প্ৰতিযোগিতাঃ প্ৰতিষ্ঠান ভিত্তিক প্ৰতিযোগীৰ বাবে প্ৰথম, ১ লাখ, দ্বিতীয়, ৫০ হাজাৰ, তৃতীয় ৩০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷ —-পেশাদাৰী প্ৰতিযোগী সকলৰ বাবে প্ৰথম ৫০ হাজাৰ টকা, দ্বিতীয় ৩০ হাজাৰ টকা, তৃতীয় ২০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ১০ হাজাৰ টকা প্ৰদান কৰা হব ৷
—অপেশাদাৰী প্ৰতিযোগী সকলৰ বাবে প্ৰথম, ২০ হাজাৰ টকা, দ্বিতীয় ১০ হাজাৰ টকা, তৃতীয় ৭৫০০ টকা আৰু বিশেষ উদগণিমূলক বঁটা ৭ হাজাৰ ৫শ টকাকৈ পুৰষ্কাৰ প্ৰদান কৰা হব ৷ ****ভিডিঅ’ নিৰ্মাণ প্ৰতিযোগিতাঃ প্ৰতিষ্ঠানভিত্তিক প্ৰতিযোগি, —প্ৰথম, ২ লাখ টকা, দ্বিতীয়, ১ লাখ টকা, তৃতীয় ৭৫ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ৩০ হাজাৰ টকা ৷
—-পেশাদাৰী প্ৰতিযোগী ক্ৰমে, প্ৰথমস্থান ৫০ হাজাৰ টকা, দ্বিতীয় ৩০ হাজাৰ টকা, তৃতীয় ,২০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ১০ হাজাৰ টকা প্ৰদান কৰা হব ৷ —-অপেশাদাৰী প্ৰতিযোগী সকলৰ বাবে প্ৰথম স্থান, ৩০ হাজাৰ টকা, দ্বিতীয়,২০ হাজাৰ টকা, তৃতীয় ১০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ৫হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷
—প’ষ্টাৰ ডিজাইন প্ৰতিযোগিতাঃ প্ৰতিষ্ঠান ভিত্তিক প্ৰতিযোগীৰ বাবে -প্ৰথম স্থান, ৫০ হাজাৰ টকা, দ্বিতীয় স্থান, ৩০ হাজাৰ টকা,তৃতীয় স্থান ২০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷—-পেশাদাৰী প্ৰতিযোগী সকলৰ বাবে প্ৰথম স্থান, ৩০ হাজাৰ টকা, দ্বিতীয় স্থান, ২০ হাজাৰ টকা, তৃতীয় স্থান, ১০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ হিচাপে ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷
—-অপেশাদাৰী প্ৰতিযোগী সকলৰ বাবে প্ৰথম স্থান, ২০ হাজাৰ টকা, দ্বিতীয় স্থান ১০ হাজাৰ টকা, তৃতীয় স্থান ১০ হাজাৰ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ ৩ হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷ ইয়াৰোপৰি **শ্ল’গান প্ৰতিযোগিতা**ত সকলো শ্ৰেণীৰ প্ৰতিযোগীৰ বাবে প্ৰথম স্থান, ২০ হাজাৰ টকা, দ্বিতীয় স্থান, ১০ হাজাৰ টকা, তৃতীয় স্থান প্ৰাপ্তকক ৭ হাজাৰ ৫ শ টকা আৰু বিশেষ উদগণিমূলক পুৰষ্কাৰ হিচাপে ২ হাজাৰ টকাকৈ পুৰষ্কাৰ প্ৰদান কৰা হব ৷
এই সন্দৰ্ভত ইচ্ছুক প্ৰতিযোগী সকলক ecisveep.nic.in/contest and email this entry to voter-contest@ecigovt.in ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৷ প্তিযোগী সকলে ইমেইলৰ subject ত contest and category স্পষ্ট ভাবে উল্লেখ কৰিব লাগিব ৷
ইয়াৰোপৰি প্ৰতিযোগী সকলে ১৫ মাৰ্চ ২০২২ ৰ ভিতৰত প্ৰতুযোগিতাত প্ৰৱেশ কৰিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত বিনৃৱৰি কয় ৷ সমগ্ৰ দেশজুৰি প্ৰতিযোগিতা সমূহ ২২ টা স্বিকৃত ভাষীত অনুষ্ঠুত হব যদিও অসমৰ বাবে অসমীয়া, বড়ো আৰু হিন্দী ভাষা প্ৰযোজ্য হব বুলি জানিবলৈ দিছে উপায়ুক্ত গৰাকীয়













