![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰিত বিক্ষোভৰত কৃষকসকলৰ ওপৰেৰে গাড়ী চলোৱাত মৃত্যু হৈছিল এক সাংবাদিকসহ তিনি কষক। উক্ত ঘটনাত অভিযুক্ত কেন্দ্রীয় মন্ত্রীৰ পুত্ৰই অৱশেষত মুক্তি পালে জে’লৰ পৰা। জানিব পৰা মতে, জে’লৰ পিছৰ দুৱাৰেৰে ওলাই এছইউভি গাড়ীত উঠে আশিস মিশ্র।
যোৱা সপ্তাহত এলাহাবাদ হাইকোৰ্টে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে পূৰ্বতে নিম্ন আদালতে তেওঁৰ জামিন নাকচ কৰিছিল। আশিস মিশ্রৰ অধিবক্তা অবধেশ কুমাৰ সিঙে জনোৱা মতে, আদালতে ৩ লাখৰ বণ্ড আৰু দুজন জামিনদাৰ লৈ মুক্তি দিয়ে আশিসক। লগতে চহৰ এৰি যাব নোৱাৰিব বুলিও কোনো চর্ত দিয়া নাই বুলি জানিব পৰা গৈছে।













