![]()
নিউজ ডেস্কঃ
পুৰীৰ জগন্নাথ মন্দিৰত এতিয়াৰে পৰা অবাধে প্রবেশ কৰিব পাৰিব সকলো ভক্ত। নালাগে সম্পূর্ণ টীকাকৰণৰ প্ৰমাণ-পত্র বা নেগেটিভ আৰটিপিচিআৰ ৰিপোর্ট। এয়া কার্যকৰী হ’ব ২১ ফেব্রুৱাৰীৰ পৰা।
কোভিডৰ বাবে ২০২০ চনৰ মার্চৰ পৰা বন্ধ আছিল পুৰীৰ জগন্নাথ মন্দিৰ। ইয়াৰ পিছত সুদীর্ঘ ৯ মাহ পিছত ডিচেম্বৰত কোভিডবিধি মানি ভক্তসকলৰ বাবে পুৰীৰ মন্দিৰৰ দুৱাৰ খোলা হয়। কিন্তু পুনৰ সাৱধানতা অৱলম্বন কৰিবলৈ একাধিকবাৰ মন্দিৰ বন্ধ ৰখা হয়। ইয়াৰ পিছত ১ ফেব্রুৱাৰীৰ পৰা কোভিড প্রটোকল মানি খোলা হয় মন্দিৰ। এতিয়া মন্দিৰ কর্তৃপক্ষৰ নতুন সিদ্ধান্তত প্রায় দুবছৰ পিছত অহা ২১ ফেব্রুৱাৰীৰ পৰা অবাধে কৰিব পাৰিব মন্দিৰত প্রবেশ।













