![]()
নিউজ ডেস্কঃ
মুম্বাইৰ হস্পিটেলত প্রয়াত গায়ক তথা সুৰকাৰ বাপ্পি লাহিড়ি। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ। যোৱা বছৰ এপ্রিল মাহত তেওঁৰ কৰোনা ধৰা পৰিছিল। সেই সময়ত মুম্বাইৰ ব্রিচ কেন্ডি হস্পিটেলত ভর্তি হৈছিল বাপ্পি লাহিড়ি। কিছুদিন পিছত সুস্থ হৈ ঘৰলৈ উভতিছিল। মঙ্গলবাৰে মাজনিশা ‘অবস্ট্রাকটিভ শ্লিপ এপনিয়া (অ’এছএ)’ত আক্রান্ত হৈ মুম্বাইৰ ক্রিটিকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
১৯৭০ৰ পৰা ৮০ৰ দশকত হিন্দী ছবি জগতৰ অন্যতম জনপ্রিয় নাম বাপ্পি লাহিড়ি। বলিউডত ‘ডিস্কো ডান্সাৰ’, ‘চলতে চলতে’, ‘শাৰাবি’, বাংলাত ‘অমৰ সঙ্গী’, ‘আশা ও ভালবাসা’, ‘আমাৰ তুমি’, ‘অমৰ প্রেম’ প্রভৃতি ছবিত সুৰ দিছে। গাইছে বহু গান। ২০২০ চনত তেওঁৰ শেষ গান ‘বাগি-৩’ ছবিৰ বাবে। কিশোর কুমাৰ আছিল বাপ্পিৰ সম্পৰ্কীয় মোমায়েক। পিতৃ অপৰেশ লাহিড়ি আৰু মাতৃ বাঁশৰী লাহিড়ি— দুয়োজনেই সঙ্গীত জগতৰ লগত জড়িত আছিল। একমাত্র সন্তান বাপ্পিও সুকালৰ পৰাই গানৰ প্রতি আকৃষ্ট আছিল। পিতৃমাতৃৰ ওচৰতেই লাভ কৰিছিল প্রথম গানৰ শিক্ষা। পিতৃ-মাতৃয়ে দিয়া নাম আছিল অলোকেশ, কিন্তু জনপ্রিয়তা লাভ কৰে বাপ্পি নামেৰে।
১৯৫২ চনৰ ২৭ নৱেম্বৰ জলপাইগুড়িত জন্মগ্রহণ কৰে বাপ্পি লাহিড়িয়ে। তাৰ পিছত সুদীর্ঘ দিন বাংলা আৰু হিন্দী ছবিত কণ্ঠ নিগৰাইছে তেওঁ। সুৰো দিছে বহু গানত। সকলো সময়তে প্রচুৰ সোণৰ গহনা পৰিধান কৰি ভাল পাইছিল তেওঁ। কৈছিল, ‘মোৰ ভগৱানৰ নাম সোণ!’ বাপ্পি লাহিড়িৰ আছিল নিজস্ব গায়কী শৈলী, যিয়ে তেওঁক হিন্দী ছবি জগতত অনন্য পৰিচিতি দিছিল। লাভ কৰিছে একাধিক পুৰস্কাৰ আৰু সন্মান।
বাপ্পি লাহিড়ি ৰাজনীতিতো নামিছিল। বিজেপিত যোগ দি পশ্চিমবঙ্গৰ শ্রীৰামপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিছিল।













