![]()
নিউজ ডেস্কঃ
দেশৰ ইতিহাসৰ বৃহত্তম বেঙ্ক জালিয়াতি সংঘটিত কৰিছে জাহাজ নিৰ্মাণ কোম্পানী এবিজি শ্বিপয়াৰ্ডে৷ এবিজিৰ বিৰুদ্ধে প্ৰায় ২৩ হাজাৰ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগ৷ ইয়াৰ তদন্ত কৰিছে চিবিআইয়ে৷ এইবাৰ এই কাণ্ডৰ মুখ্য অভিযুক্তসকলৰ বিৰুদ্ধে লুক-আউট নোটিচ জাৰি কৰিলে চিবিআইয়ে। এবিজি শ্বিপয়ার্ডৰ কর্ণধাৰ তথা উচ্চপদস্থ বিষয়াসকল দেশৰ কোনো বিমানবন্দৰেৰে বিদেশলৈ যাতে পলাই যাব নোৱাৰে তাৰ বাবেই এই পদক্ষেপ কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ।
উল্লেখ্য, উক্ত গোচৰত মুখ্য অভিযুক্ত হৈছে কোম্পানীটোৰ সঞ্চালক ঋষি আগৰৱাল, শান্থনম মুথুস্বামী আৰু অশ্বিনী কুমাৰ। এছবিআই, আইচিআইচিআইসহ প্ৰায় ২৮টা বেঙ্কৰ মুঠ ২২ হাজাৰ ৮৪২ কোটি টকা ঋণখিলাপিত অভিযুক্ত জাহাজ নির্মাণ আৰু মেৰামতি কোম্পানী এবিজি শ্বিপয়ার্ড। সূত্রৰ খবৰ মতে, ঋণৰ টকা প্ৰায় ৯৮টা কোম্পানীলৈ সৰকাই বিপুল বিত্তীয় অনিয়ম কৰিছে কোম্পানীটোৱে।













