![]()
নিউজ ডেস্কঃ
সামান্য বৃদ্ধি পাইছে দেশৰ দৈনিক কৰোনা সংক্ৰমণ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্তৰ সংখ্যা ৩০ হাজাৰ ৬১৫ জন। মঙ্গলবাৰে সেয়া আছিল ২৭ হাজাৰ ৪০৯ জন। বুধবাৰে কৰোনা সংক্রমণৰ হাৰ ২.২৩ শতাংশ। দেশত কৰোনা আক্রান্ত হৈ বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫১৪ জনৰ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মুঠ ১২ লক্ষ ৫১ হাজাৰ ৬৭৭টা কৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছে। দেশত এটা দিনত টীকাকৰণ হৈছে ৪১ লক্ষ ৫৪ হাজাৰ ৪৭৬। বুধবাৰে দেশত কৰোনাত মৃত্যু হোৱাসকলৰ ভিতৰত কেৰালাত মৃত্যু হৈছে ৩০৪ জনৰ। এই লৈ দেশত কৰোনাত মুঠ মৃত্যু হ’ল ৫ লক্ষ ৯ হাজাৰ ৮৭২ জনৰ।













