![]()
নিউজ ডেস্কঃ
মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভূৱন গামে আজি দাখিল কৰে মনোনয়ন পত্ৰ।বৃহৎ সংখ্যক সমৰ্থক তথা ৰেলিৰে গামে মনোনয়ন পত্ৰ দাখিল কৰে।প্ৰাৰ্থী গৰাকী মনোনয়ন পত্ৰ দাখিল ৰেলিত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।উল্লেখ্য ৭মাৰ্চত মাজুলী উপনিৰ্বাচন অনুষ্ঠিত হব।
প্ৰাৰ্থী গৰাকী মনোনয়ন দাখিল ৰেলিত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ডাঃ ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিজেপি সভাপতি ভৱেশ কলিতা প্ৰমুখ্যে ৰাজ্যিক বিজেপি একাংশ জ্যেষ্ঠ নেতাই অংশ লয়।
গুৰুত্বপূৰ্ণ কথা মাজুলী উপ-নিৰ্বাচনত বিজেপি বিৰুদ্ধে বিৰোধীয়ে প্ৰদান কৰিছে উমৈহতীয়া প্ৰাৰ্থী।এজেপি প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীক বিৰোধীয়ে আগবঢ়াব সমৰ্থন।













