![]()
নিউজ ডেস্কঃ
সন্ত ৰবিদাস জয়ন্তীত প্রার্থনাত অংশগ্ৰহণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ১৬ ফেব্রুৱাৰীত তেওঁ ৰাজধানী দিল্লীৰ কৰোল বাগৰ শ্রীগুৰু ৰবিদাস বিশ্রাম ধাম মন্দিৰত প্রার্থনা আৰু কীর্তনত অংশগ্ৰহণ কৰে তেওঁ।
কেৱল প্রার্থনাত অংশ লোৱাই নহয়, ভক্তসকলৰ সৈতে জুনজুনি বজাই কীর্তনতো যোগ দিয়ে মোদীয়ে। আজি পুৱা কৰোল বাগলৈ যোৱাৰ পূৰ্বে মোদীয়ে টুইট কৰি জনায়, তেওঁৰ চৰকাৰে কেনেদৰে সন্ত ৰবিদাসে দেখুওৱা পথত আগবাঢ়িছে আৰু ভবিষ্যতেও সেয়া অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ।
উল্লেখ্য, পঞ্জাবত ২০ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচন। প্রথমতে ১৪ ফেব্রুৱাৰীত নিৰ্বাচন হোৱাৰ কথা আছিল যদিও শিখ গুৰু সন্ত ৰবিদাস জয়ন্তী উপলক্ষে সেয়া পিছুৱাই ২০ তাৰিখ কৰা হয়।













