![]()
নিউজ ডেস্কঃ
হিজাব-বিতর্কক লৈ আদালতত চলিছে গোচৰ। সম্প্ৰতি কর্নাটকৰ শিক্ষা প্রতিষ্ঠানত হিজাবসহ ‘ধর্মীয়’ পোছাক পিন্ধি যাব নোৱাৰে বুলি অন্তৰ্ৱৰ্তীকালীন নির্দেশ দিছে হাইকোৰ্টে। বুধবাৰে তাৰ মাজতেই কর্নাটকৰ আৰু এখন চৰকাৰী কলেজত আৰম্ভ হ’ল ‘হিজাব আন্দোলন’।
পুৱাতে হিজাব আৰু বোৰ্খা পিন্ধি উত্তৰ কর্নাটকৰ বিজয়পুৰাৰ পিইউ কলেজত উপস্থিত হয় কেইগৰাকীমান ছাত্রী। অৱশ্যে তেওঁলোকক পাঠ গ্ৰহণ কৰিবলৈ দিয়া নহয়। ইয়াৰ পিছতেই শিক্ষক আৰু ছাত্রীসকলৰ মাজত উত্তপ্ত বাদানুবাদৰ একাধিক ছবি আৰু ভিডিও ভাইৰেল হৈ পৰিছে নেট মাধ্যমত।
কলেজ কর্তৃপক্ষৰ যুক্তি, তেওঁলোকে কেৱল আদালতৰ অন্তৰ্ৱৰ্তীকালীন নির্দেশ পালন কৰিছে। আনহাতে, ছাত্রীসকলৰ দাবী, তেওঁলোকে কি পোশাক পিন্ধিব সেয়া তেওঁলোকৰ ব্যক্তিগত পছন্দ আৰু অধিকাৰৰ বিষয়। তাৰ উপৰি আগতেও তেওঁলোকে হিজাব আৰু বোৰ্খা পিন্ধিয়েই ক্লাছ কৰিছে। এই পোছাক পিন্ধি নাহিবলৈ কলেজ কৰ্তৃপক্ষই কোনো নির্দেশনা দিয়া নাই।
ইয়াকে লৈয়েই কলেজৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ মাজত বাক-বিতণ্ডাত লিপ্ত হৈ পৰে ছাত্রীসকল। পিছত শ্রেণীকোঠাৰ ওচৰৰ এটি স্থানত তেওঁলোকক বোৰ্খা আৰু হিজাব খুলি আহিবলৈ কোৱা হয়। ছাত্রীসকল তাত ৰাজী নহয়।
তাৰ পূৰ্বে কলেজৰ প্রবেশ পথতেই হিজাব পৰিহিত ছাত্রীসকলক বাধা দিয়ে অধ্যক্ষই। অৱশ্যে তেওঁলোকে জোৰপূৰ্বক কলেজত সোমায়। শ্ৰেণীকোঠাৰ পৰা তেওঁলোকক ওলাই যাবলৈ কোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হয়। ছাত্রীসকলে শ্লোগান দিয়ে, ‘আমি বিচাৰ বিচাৰো’। দীর্ঘ সময় ধৰি চলে এই প্রতিবাদ।













