![]()
নিউজ ডেস্কঃ
২০২১ চনৰ ২৬ জানুৱাৰীত লালকিল্লা তাণ্ডৱত অন্যতম অভিযুক্ত দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু। মঙ্গলবাৰে নিশা ভয়াৱহ পথ দুর্ঘটনাত প্রাণ যায় তেওঁৰ।
দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈ আছিল দীপ সিদ্ধু। অভিনেতা আৰু সমাজকর্মী হিচাবেই তেওঁ অধিক পৰিচিত আছিল।
সিদ্ধুৰ মাহিন্দ্রা স্কৰপিঅ’খনত পিছফালৰ পৰা এখন ট্রাকে খুন্দিওৱাৰ অভিযোগ। দুৰ্ঘটনাৰ লগে লগেই তেওঁক হস্পিটেললৈ লৈ যোৱা হয় যদিও হস্পিটেল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
উল্লেখ্য, ২০২১ চনৰ ২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ সমদল উলিয়াইছিল কৃষকসকলে। তাত চৰম বিশৃঙ্খলাতাৰ সৃষ্টি হয়। লালকিল্লাত উঠি তাণ্ডৱ চলায় বহুকেইজনে।
লালকিল্লাৰ ওপৰত নিচান–ই–সাহিবো উত্তোলন কৰে। উক্ত কাণ্ডৰ অন্যতম অভিযুক্ত আছিল দীপ সিদ্ধু। ফেব্রুৱাৰী মাহত গ্রেপ্তাৰ হোৱাৰ পিছত এপ্রিলত জামিনত মুকলি হয়। তাৰ কিছু দিন পিছতে পুনৰ গ্রেপ্তাৰ হয়। ইয়াৰ পিছত এপ্রিলৰ শেষত পুনৰ জামিন লাভ কৰে।
তেওঁৰ মৃত্যুত শোক প্রকাশ কৰিছে পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নিয়ে। বিত্তমন্ত্রী মনপ্রীত সিং বাদল, আপৰ মুখ্যমন্ত্রী পদপ্রার্থী ভগৱন্ত মানেও শোক প্রকাশ কৰে।













