![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে পুৱা মৃত্যু হয় প্রয়াত বাপ্পি লাহিড়িৰ। প্রখ্যাত গায়ক আৰু সুৰকাৰজনৰ জীৱনাৱসানত শোকাহত সমগ্র দেশ। শোকৰ ছায়া খেলপথাৰতো। কাৰণ সঙ্গীত জগতৰ উপৰি তেওঁৰ ভালপোৱা আছিল কলকাতাৰ ফুটবলৰ প্রতিও। আনকি সাক্ষাৎ হৈছে দিয়েগো মাৰাদোনাৰ সৈতেও।

ইষ্টবেঙ্গল ক্লাবৰ আজীবন সদস্য আছিল বাপ্পি। ক্লাবলৈ গৈছে বহুবাৰ। তেওঁৰ সদস্য কার্ডৰ নম্বৰ আছিল ৬৬৯। কলকাতাৰ ফুটবল, বিশেষকৈ প্রিয় ইষ্টবেঙ্গল ক্লাবৰ খবৰ লৈছিল নিয়মিত। ২০১৩ চনত ইষ্টবেঙ্গল ক্লাবৰ জন্মদিনত ছল্টলেক ষ্টেডিয়ামত এক বর্ণাঢ্য অনুষ্ঠানত উপস্থিত আছিল তেওঁ। বুধবাৰে বাপ্পিৰ ছবিত মালা দি ক্লাবৰ তৰফৰ পৰা শ্রদ্ধা জনোৱা হয়। অর্ধনমিত ৰখা হয় ক্লাবৰ পতাকা।
ফুটবলৰ সৈতে তেওঁৰ ওতপ্রোত সম্পৰ্ক আছে। এবাৰ ফুটবলৰ প্রচাৰত ‘লাভ ফৰ ফুটবল’ নামৰ এটি গান ৰচনা কৰিছিল তেওঁ। নিজে সেইটো গাইছিলো। প্রয়াত দিয়েগো মাৰাদোনাৰ অন্ধ ভক্ত আছিল। তেওঁক লৈ ২০১৬ চনত এটি গানো লিখি ৰেকর্ড কৰিছিল। পিছত দুবাইলৈ গৈ মাৰাদোনাৰ সৈতে এবাৰ সাক্ষাতো হৈছিল। তেতিয়াই মাৰাদোনাক উক্ত গানটো উপহাৰ দিয়ে বাপ্পি লাহিড়িয়ে। সেই সময়ত বাপ্পিৰ সৈতে আছিল তেওঁৰ নাতি স্বস্তিকো।













