![]()
নিউজ ডেস্কঃ
মঙলবাৰে মাজনিশা ইহলোক এৰি পৰলোকলৈ গমন কৰা বাপ্পি লাহিড়িৰ বৃহস্পতিবাৰে অন্তিম হয় অন্তিম যাত্ৰা৷ ‘ডিস্কো কিং’ক অন্তিম বিদায় জনাবলৈ ভিৰ কৰে ঘনিষ্ঠ তথা অনুৰাগীয়ে। এফালে ক্ৰন্দনৰত জীয়ৰী ৰেমা লাহিড়ি, আনফালে পিতৃক কান্ধত লৈ পুত্ৰ বাপ্পা লাহিড়ি। এনেদৰে এটা শোকসিক্ত পুৱাত নিজৰ ৰাজকীয় সত্তাৰে অন্তিম যাত্ৰা কৰে বাপ্পিদাই।
কিন্তু সোণপ্ৰিয় ‘ডিস্কো কিং’ৰ অন্তিম যাত্ৰাত শৰীৰত সোণ নাথাকিলেও পিন্ধি আছিল চকুত ক’লা চচমা। জীৱনৰ অন্তিম মুহূৰ্তলৈকে পিন্ধি থকা ক’লা চচমাযোৰেই সঙ্গী আছিল সৎকাৰৰ পূৰ্বেলৈকে।
উল্লেখ্য, বৃহস্পতিবাৰে পৱন হংস শ্মশানত সৎকাৰ কৰা হয় বাপ্পি লাহিড়িক। লগে লগে অন্ত পৰে বাপ্পি যুগৰো!













