![]()
নিউজ ডেস্কঃ
লকডাউনৰ পৰাই অনলাইনৰ ক্লাছ কৰাত অভ্যস্ত হৈছিল তেওঁ। কোভিড পৰিস্থিতি স্বাভাৱিক হৈ অহাত কলেজ খোলাৰ পিছতো সেই অভ্যাস চলাই যাব বিচাৰিছিল। কিন্তু অভিভাৱকে বাধা দিয়াত অন্ধ্রপ্রদেশৰ বিজয়নগৰমৰ কোন্ডাপল্লিৰ মণীষা অঞ্জু নামৰ কলেজীয়া ছাত্রীগৰাকীয়ে অভিমানতে আত্মঘাতী হোৱা বুলি আৰক্ষী সূত্রত প্ৰকাশ।
শ্রীকাকুলামৰ ‘ৰাজীৱ গান্ধী ইউনিভাৰ্ছিটি অব নলেজ টেকনোলজিছ’ৰ ছাত্রী অঞ্জুৰ চিপ লোৱা মৃতদেহ যোৱা বুধবাৰে তেওঁৰ হোষ্টেলৰ পৰা উদ্ধাৰ হয়। তদন্তৰ পিছত আৰক্ষীয়ে এইটো আত্মহত্যাৰ ঘটনা বুলি জনাইছে। কোভিড পৰৱর্তী পৰিস্থিতিত অভিভাৱকে জোৰ পূৰ্বক কলেজলৈ পঠোৱাত অভিমানী অঞ্জুই আত্মঘাতী হোৱা বুলি আৰক্ষীৰ দাবী।
বিজয়নগৰমৰ নেল্লিমাৰলাৰ বাসিন্দা অঞ্জুই কৰোনা পৰিবেশত অনলাইনতেই ক্লাছ কৰিছিল বুলি পৰিয়ালৰ সূত্রত প্ৰকাশ। কলেজ খোলাৰ পিছত কর্তৃপক্ষই শিক্ষাৰ্থীসকলক জনোৱা হয়, তেওঁলোকে বিচাৰিলে কলেজলৈ আহি অফলাইন ক্লাছত যোগ দিব পাৰে। অথবা অনলাইনতো ক্লাছ কৰিব পাৰে। আৰক্ষী সূত্র মতে, অঞ্জুই অনলাইনত ক্লাছ চলাই যাব বিচাৰিলেও অভিভাৱকে জোৰ কৰি কলেজ হোষ্টেললৈ পঠাইছিল তেওঁক।













