![]()
নিউজ ডেস্কঃ
স্বামীক অপহৰণ কৰিছিল মাওবাদীয়ে। স্বামীৰ মুক্তিৰ বাবে কাতৰ আবেদন জনাই মাওবাদীৰ উদ্দেশ্যে ভিডিও-বার্তা পঠালেও তাত সঁহাৰি নাই। অৱশেষত স্বামীৰ সন্ধানত আঢ়ৈ বছৰীয়া কন্যাক কোলাত লৈয়েই নিজেই বিপদসঙ্কুল অৰণ্যত সোমাই পৰে পত্নী। চিনেমাৰ চিত্রনাট্যকো পৰাজিত কৰা এই ঘটনাটি ঘটিছে ছত্তীশগড়ত। মহিলাগৰাকীৰ নাম সোণালী পাৱাৰ। মঙ্গলবাৰে তেওঁৰ স্বামীক মাওবাদীয়ে মুক্তি দিলেও সোণালী এতিয়াও ঘূৰি আহিব পৰা নাই। তেওঁ এতিয়াও অৰণ্যতেই। তেওঁৰ সৈতে যোগাযোগ ৰাখিছে স্থানীয় আৰু সাংবাদিকসকলে।
উল্লেখ্য, সোণালী আৰু তেওঁৰ স্বামী অশোক পোৱাৰ মধ্যপ্রদেশৰ বাসিন্দা। আঢ়ৈ আৰু পাঁচ বছৰীয়া দুই সন্তানক লৈ সুখৰ সংসাৰ। ব্যক্তিগত নির্মাণ কোম্পানীৰ ইঞ্জিনিয়াৰ অশোক সম্প্রতি ছত্তীশগড়লৈ আহিছিল এখন সেতু নিৰ্মাণৰ কামত। যোৱা ১১ ফেব্রুৱাৰীত অশোক আৰু কোম্পানীটোৰ আন এক কর্মচাৰী আনন্দ যাদৱক অপহৰণ কৰে মাওবাদীয়ে।
অৱশ্যে মঙ্গলবাৰে অশোক আৰু আনন্দক মুক্তি দিয়ে মাওবাদীয়ে। কিন্তু পত্নী সোণালী এতিয়াও উভতি অহা নাই৷













