ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ শিৱসাগৰ বাৰোৱাৰী পূজা কমিটিৰ সৌজন্যত ঐতিহাসিক কালি প্ৰসাদ মেমৰিয়েল হলত অহা ৩ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ ৮৫ তম্ দুৰ্গোৎসৱৰ লগতে একাদশ শৰৎ উৎসৱ-২০১৯ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।
মহালয়া উদ্যাপনৰ পিছতেই কাৰ্য্যসূচী অনুযায়ী ৫ অক্টোবৰ পুৱা ১০ বজাৰ পৰা বাৰোৱাৰী মহিলা মঞ্চৰ তত্ত্বাৱধানত গোসাঁনী নাম, শংখধ্বনি আৰু উৰুলী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে পূজাৰ কেইদিনত শৰৎ সন্ধিয়াৰ অন্তত ‘বেণ্ড অৱ অডিটেক’, মহিলা মঞ্চৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, বেণ্ড অৱ জ্বালামুখী আৰু ‘কাত্যায়নী’ আলোচনী উন্মোচন কৰা হ’ব।
উল্লেখযোগ্য যে প্ৰতি বছৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা বাৰোৱাৰী পূজাৰ এইবাৰৰ মূল মণ্ডপটিৰ যোগেদি অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰাৰ কথা উদ্যোগতাসকলে সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৯১০১৪৭৯৩৭৮, ৯৪৩৫০৫৭১৯৮ নম্বৰত যোগাযোগ কৰিবলৈ সকলোকে অনুৰোধ জনোৱাৰ লগতে সকলো ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি উদ্যোক্তাসকলে একান্তই কামনা কৰিছে।













