![]()
মনোৰঞ্জনঃ
মুম্বাই, বলীউডৰ চেলিব্ৰেটী আৰু সংগীত প্ৰেমীসকলৰ শ শ লোকে ‘ডিস্কো কিং’ আলোকেশ ওৰফে বাপ্পী লাহিৰীক সেমেকা চকুৰে বিদায় জনাইছে। বাপ্পী দাক তেওঁৰ জুহু বাংলোৰ পৰা লৈ যোৱা হয়। লগতে তেওঁৰ সোণৰ গহনাবোৰ ফুলেৰে সজোৱা এখন ভেনত, আৰু তেওঁৰ বিশাল ছবি এখনৰ সৈতে ভিলে পাৰ্লে শ্মশানলৈ লৈ যোৱা হয়। ৬৯ বছৰীয়া বাপ্পী লাহিৰীয়ে মঙলবাৰে নিশা ১১.৪৫ বজাত ক্ৰিটিকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। বাপ্পী দাৰ পুত্ৰ বাপ্পা আজি ৰাতিপুৱা আমেৰিকাৰ পৰা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ উভতি আহিছিল।
বাপ্পী দাৰ প্ৰস্থানে সংগীত উদ্যোগ আৰু বলীউড ছবি উদ্যোগত শোকৰ ছাঁ পেলাইছে, শূণ্যতাৰ সৃষ্টি কৰিছে। বাপ্পী দা “ডিস্কো গান” নিৰ্মাণৰ বাবে জনাজাত আৰু জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীক ডিস্কো নৃত্যশিল্পী বনোৱাত বাপ্পী দাৰ ডাঙৰ হাত আছে। বাপ্পী দাৰ মৃত্যুৱে মিথুনক গভীৰভাৱে হতবাক কৰিছে আৰু অভিনেতাগৰাকীয়ে শেহতীয়াকৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইণ্ডিয়া টিভিৰ সৈতে কথা পাতি মিথুনে কয় যে, “বাপ্পী দা, মই জানো আৰু নিশ্চিত যে আপোনাৰ আত্মা স্বৰ্গত স্থান লাভ কৰিছে। মই আপোনাক মনত পেলাম আৰু সদায় মনত ৰাখিম।”
আনহাতে, স্বৰ্গীয় সংগীত কিংবদন্তীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বলীউডৰ আন তাৰকাসকলো শ্মশান আৰু তেওঁৰ লাহাৰী নিৱাসত উপস্থিত আছিল।













