![]()
নিউজ ডেস্কঃ
২০০৮ চনৰ আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰত অভিযুক্ত ৪৯ জনৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ডৰ নির্দেশ দিলে আদালতে। লগতে বাকী ১১ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ আদালতৰ। শুক্রবাৰে বিশেষ মনোনীত আদালতে এই নির্দেশ দিয়ে।
আহমেদাবাদত এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত মুঠ ৫৬ জন নিহত হৈছিল। লগতে ২০০ ৰো অধিক আহত হয়। তদন্তত নমাৰ পিছত তদন্ত সংস্থাবোৰে মুঠ ৪৯ জনক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰে।













