![]()
নিউজ ডেস্কঃ
বিগত দিনতকৈ বৃহস্পতিবাৰে দেশত কৰোনা আক্রান্তৰ সংখ্যা সামান্য কমিল। শুক্রবাৰে পুৱা প্রকাশিত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কৰোনা বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ ২৯ হাজাৰ ৯২০ জন কৰোনা ভাইৰাছত আক্রান্ত হৈছে। বুধবাৰে কৰোনা আক্রান্ত হৈছিল ৩০ হাজাৰ ৭৫৭ জন।
সকলো মিলাই দেশত কোভিড আক্রান্তৰ সংখ্যা হৈছে ৪ কোটি ২৭ লক্ষ ৮০ হাজাৰ ২৩৫ জন। কেন্দ্রৰ তথ্য মতে, দেশত কৰোনাৰ পৰা সুস্থতাৰ হাৰ বৰ্তমান ৯৮.১২ শতাংশ। বিগত ২৪ ঘণ্টাত ৬৬ হাজাৰ ২৫৪ জন কৰোনাৰ পৰা সুস্থ হৈ উঠিছে। লগতে বিগত ২৪ ঘণ্টাত দেশত কোভিডত মৃত্যু হৈছে ৫৯২ জনৰ।













