![]()
নিউজ ডেস্কঃ
দোষ আছিল অন্য সম্প্রদায়ৰ ল’ৰাৰ সৈতে প্রেম। শাস্তি হিচাবে মাতৃৰ হাতত হত্যা হ’ল ১৬ বছৰীয়া এগৰাকী কিশোৰী। মাতৃক হত্যা কাৰ্যত সহায় কৰাৰ অভিযোগ উঠিছে মাতৃৰে প্রেমিকৰ বিৰুদ্ধে। ১৩ ফেব্রুৱাৰীত তেলেঙ্গানাৰ সাঙ্গাৰেড্ডি জিলাৰ হুগ্গেলিত এই ঘটনাটি ঘটে।
সোমবাৰে জাহিৰাবাদৰ এখন খেতিপথাৰৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। তদন্তত নামি ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃ আৰু তেওঁৰ প্রেমিকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে।
আৰক্ষী সূত্র মতে, উক্ত কিশোৰীগৰাকীৰ সৈতে অন্য সম্প্রদায়ৰ এজন ব্যক্তিৰ প্রণয়ৰ সম্পর্ক আছিল।
বিষয়টো মাতৃৰ দৃষ্টিগোচৰ হোৱাত জীয়ৰীক ব্যক্তিজনৰ সৈতে হলিগলি বন্ধ কৰিবলৈ কয়। বাৰে বাৰে জীয়েকক বুজোৱাৰ পিছতো সেয়া বন্ধ নহয়। ইয়াৰ পিছতেই কিশোৰীগৰাকীৰ মাতৃয়ে নিজৰ প্রেমিকৰ সৈতে মিলি জীয়েকক হত্যা কৰাৰ পৰিকল্পনা কৰে।
আৰক্ষীয়ে জনোৱা মতে, ১৩ ফেব্রুৱাৰীত জীয়ৰীক লৈ গাঁৱৰ বাহিৰলৈ যায় অভিযুক্ত মাতৃগৰাকী।
তাতে এখন খেতিপথাৰৰ কাষত পূৰ্বৰে পৰাই অপেক্ষা কৰ আছিল মহিলাগৰাকীৰ প্রেমিক। তাত গৈ উপস্থিত হোৱাৰ পিছতেই কিশোৰীগৰাকীক মাটিত পেলাই হেঁচা মাৰি ধৰে মাতৃয়ে। সেই সুযোগতে তেওঁৰ ডিঙিত ফাঁচি লগাই হত্যা কৰে তেওঁৰ প্রেমিকে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ মৃতদেহ ঘটনাস্থলীতে পেলাই থৈ তেওঁলোকে পলায়ন কৰে।
মৃতকৰ ভাতৃয়ে আৰক্ষীৰ ওচৰত ভনীয়েকৰ প্রেমিকৰ বিষয়ত অভিযোগ জনায়৷ আৰক্ষীয়ে কিশোৰীগৰাকীৰ প্রেমিকক আটক কৰাত তেওঁ তেওঁ আৰু কিশোৰীগৰাকীৰ প্রেমৰ ক্ষেত্ৰত কিশোৰীগৰাকীৰ মাতৃৰ আপত্তির কথা জনায়।
পিছতেই অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ প্রেমিকক আটক কৰে আৰক্ষীয়ে। সোধাপোছাৰ সময়ত অভিযুক্তই ঘটনাৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছতেই দুয়োকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।













