ASSAM TIMES POST
গুৱাহাটীঃ ১ অক্টোবৰৰপৰা ৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া বন্যপ্ৰাণী সপ্তাহ মঙলবাৰে অসম ৰাজ্যিক চিৰিয়াখানাত উদ্বোধন কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইয়াত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে।
ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত আযোজিত এই কাৰ্যক্ৰমৰ শুভাৰম্ভণি উপলক্ষে চিৰিয়াখানাৰপৰা হাতীসহ এটা শোভাযাত্ৰা বাহিৰ কৰা হয়। উদ্বোধন কৰি মন্ত্ৰী শুক্লবৈদ্যই দায়িত্বত দায়বদ্ধতা প্ৰদৰ্শন কৰা কেইবাজনো বনকৰ্মীক সম্বৰ্ধনা জনায়।
উল্লেখ্য, বন্যপ্ৰাণী সপ্তাহ উপলক্ষে মঙলবাৰৰপৰা ৭ অক্টোবৰলৈকে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।













