![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী ছানী লিয়নীয়ে শেহতীয়াকৈ অনলাইন প্ৰৱঞ্চনাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। অভিনেত্ৰীগৰাকীৰ নামত ঋণ লোৱা হৈছে, তথ্য পোৱাৰ পিছত, ছানীয়ে ইয়াৰ বিষয়ে অৱগত কৰে। অনলাইন প্ৰৱঞ্চনাৰ বাবে তেওঁ লোকচানৰ সন্মুখীন হৈছে যাৰ বিষয়ে ছানিয়ে নিজেই লিখিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ছানী লিয়নীয়ে তেওঁৰ টুইটাৰ একাউণ্টত এটা পোষ্ট কৰিছিল। পোষ্টটো অনুসৰি, তেওঁৰ পেন কাৰ্ড ব্যৱহাৰ কৰি ধনী এপৰ পৰা ঋণ লোৱা হৈছে। এই ঋণৰ পৰিমাণ ২ হাজাৰ টকা বুলি জানিব পৰা গৈছে। যদিও ছানীয়ে আৰ্থিকভাৱে ডাঙৰ ক্ষতিৰ সন্মুখীন হোৱা নাছিল, তথাপিও এই ঋণৰ বাবে তেওঁৰ চিভিল ষ্টেটাচৰ খেলি-মেলি হৈছে।
ছানী লিয়নীয়ে অভিযোগ কৰিছিল যে অনলাইন প্ৰবঞ্চনাৰ বাবে তেওঁৰ চিভিলৰ নম্বৰ হ্ৰাস পাইছিল। উল্লেখ্য যে, ছানী লিয়নীয়ে তেওঁৰ পোষ্টত ধনী এপ পৰিচালিত কোম্পানী ক্ৰমে ইণ্ডিয়া বুলছ হোম লোনছ আৰু ইণ্ডিয়া বুলছ চিকিউৰিটিজক নিজ পোষ্টটোত টেগ কৰে।
অৱশ্যে, কিছু সময়ৰ পিছত, ছানী লিয়নীয়ে তেওঁৰ পোষ্টটো বিলোপ কৰে। ইয়াৰ পিছত ছানীৰ গোচৰটোৰ বিষয়ে নতুন টুইট আহিছিল। ইয়াত কোৱা হৈছে, “ইণ্ডিয়াবুলছক ধন্যবাদ।” এই কোম্পানীটোৱে তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰি আছে বুলি জানিব পৰা গৈছে।













