![]()
নিউজ ডেস্কঃ
অসুৰৰ ৰক্তৰ পৰা জন্ম হৈছিল সহস্র অসুৰ। পুৰণৰ সেই ৰক্তবীজৰ কাহিনী ছুপাৰ হিৰোৰ কাহিনীতো খাটে নেকি? এজন ছুপাৰ হিৰোৰ ৰেক্তেৰে জন্ম হ’ব পাৰে নেকি আন এক ছুপাৰহিৰো? তাকো কল্পকাহিনী বা পর্দাত নহয়, ঘোৰ বাস্তৱত! বলিউডৰ ‘গ্রীক দেৱতা’ক তেনেই এক প্রশ্ন কৰিলে এজন অনুৰাগীয়ে!
ৰূপালী পর্দাৰ ‘কৃষ’ ওৰফে বাস্তৱৰ ঋত্তিক ৰোশনৰ ৰক্তৰ গ্রুপ বি নেগেটিভ। ক’বলৈ গ’লে এক প্ৰকাৰ বিৰল। সেয়ে ব্লাড বেঙ্কবোৰক সহযোগিতা কৰিবলৈ বৃহস্পতিবাৰে ৰক্তদান কৰে অভিনেতাগৰাকীয়ে। বিষয়টো জনাবলৈ ইনষ্টাগ্রামত পোষ্ট দিছিল ঋত্বিকে। ৰক্তদানত উদ্বুদ্ধ কৰিবলৈ বিচাৰিছল মানুহক। লগত আছিল তেওঁৰ নিজৰ ৰক্তদানৰ ছবি।
বিৰল গ্রুপৰ ৰক্ত দিবলৈ আগবাঢ়ি অহা অভিনেতাজনৰ এনে কামত আনন্দিত তেওঁৰ অজস্র অনুৰাগী। তাৰ মাজতে এজন অনুৰাগীৰ পোনপটীয়া প্রশ্ন— ‘এই ৰক্ত যিয়ে নিজৰ শৰীৰত ল’ব, তেওঁ কৃষ হৈ যাব নেকি?’ হাঁহিৰ ৰোল উঠে তাৰ পিছতেই৷













