![]()
নিউজ ডেস্কঃ
প্রবল ঘূর্ণীবতাহত বিধ্বস্ত হৈছে ব্রিটেইন। ধুমুহাৰ তাণ্ডৱত উৰি গৈছে এটাৰ পিছত আন এটা ঘৰৰ ছাদ। ঘণ্টাত ১৯৫ কিঃমিঃ বেগত অহা প্রবল ধুমুহাৰ কবলত ভাঙিছে গাড়ী, ওপৰেৰে উৰি গৈছে গছ। ধুমুহাত এই পর্যন্ত ১০ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বতৰ বিজ্ঞানীসকলে জনাইছে, সাম্প্রতিক সময়ত এনে বিধ্বংসী ধুমুহা ইংলেণ্ডত এয়াই প্রথম।
শুক্রবাৰে লিভাৰপুলত ধুমুহাৰ তাণ্ডৱত গাড়ী বাগৰি মৃত্যু হৈছে এক প্রৌঢ়ৰ। আয়াৰলেণ্ডত গছ উভালি পৰে ৬০ বছৰীয়া এগৰাকী বৃদ্ধাৰ ওপৰত। ঘটনাস্থলীতেই মৃত্যু হয় তেওঁৰ। ধুমুহাৰ কোবাল গতিত লণ্ডনৰ অ’-টু এৰেনা ষ্টেডিয়ামৰ ছাদ উৰি গৈছে। এটাৰ পিছত আন এটা ঘৰ তছনছ হৈ গৈছে। বিধ্বস্ত পৰিবহণ ব্যৱস্থাও।
নেট মাধ্যমত বিয়পি পৰা একাধিক ভিডিঅ’ ক্লিপত দেখা গৈছে লিভাৰপুল, কর্নৱাল, আয়াৰলেণ্ড ইত্যাদি স্থানৰ কৰুণ ছবি। লণ্ডন আৰু দক্ষিণ ইংলেণ্ডৰ একাধিক স্থানত বিদ্যুৎ সেৱা ব্যাহত। পৰিসেৱা সুচল কৰি ৰখা আৰু উদ্ধাৰকাৰ্য চলাই গৈছে প্রশাসনে। ধুমুহাৰ বাবে ইখনৰ পিছত সিখন বিমান বাতিল কৰা হৈছে। লণ্ডনৰ গুৰুত্বপূর্ণ বিমানবন্দৰবোৰত সকলো মিলাই দুই লক্ষ লোক আবদ্ধ হৈ পৰিছে।













