![]()
নিউজ ডেস্কঃ
ৰক্তপাত অব্যাহত আছে জম্মু-কাশ্মীৰত। শনিবাৰে পুৱাতেই সেনা-সন্ত্ৰাসবাদীৰ গুলীয়াগুলীত এজন সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
সন্ত্ৰাসবাদী লুকুৱাই থকাৰ খবৰ লাভ কৰি শনিবাৰে পুৱাতে ছ’পিয়ানৰ জাইনাপোৰা এলেকাৰ চেৰমার্গত অভিযান চলায় সেনাই। তালাচী অভিযান চলি থাকোতেই আৰম্ভ হয় গুলীৰ সংঘৰ্ষ। সংবাদ সংস্থা এএনআই সূত্র মতে, গুলীয়াগুলীত ইতিমধ্যে এজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। এতিয়াও চলি আছে সংঘৰ্ষ।
উল্লেখ্য, চলিত সপ্তাহৰ আৰম্ভণিতেই ‘দ্য ৰেজিষ্টেন্স ফ্রন্ট (টিআৰএফ)’-ৰ চাৰি সদস্যক শ্রীনগৰৰ পৰা গ্রেপ্তাৰ কৰা হয়। তাৰ পিছতেই এই গুলীয়াগুলীৰ ঘটনা। আৰক্ষীৰ অনুমান, চেৰমার্গত এতিয়াও কিছু সন্ত্ৰাসবাদী লুকাই থাকিব পাৰে।













