![]()
নিউজ ডেস্কঃ
ৰুছ-ইউক্ৰেইন সীমান্তত যুদ্ধৰ দামামা বাজিছে। আমেৰিকাৰ দাবী, ইউক্ৰেইন আক্ৰণ কৰিবৰ বাবে প্ৰস্তুত হৈছে ৰাছিয়া৷ তাৰ মাজতে প্ৰকাশিত উপগ্রহ চিত্রত ইউক্রেইন সীমান্তত বিমানঘাটিবোৰত বিপুল সংখ্যাত ৰুছ যুদ্ধবিমান মোতায়েন কৰা দৃশ্য ধৰা পৰিছে। এই দাবী আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ।
মেক্সাৰৰ উক্ত উপগ্রহ চিত্রত ধৰা পৰা মতে, পশ্চিম ৰাছিয়াত অৱস্থিত ৰুছ বিমানঘাটিবোৰৰ লগতে ইউক্রেইনৰ পৰা কাঢ়ি লোৱা ক্রাইমিয়া আৰু বেলাৰুছতো ৰুছ বিমানবহৰ উপস্থিত হৈছে । তাত আছে সুখই-৩০, মিগ-৩৫ যুদ্ধবিমান আৰু সামৰিক হেলিকপ্টাৰৰ উপৰি নানা সামৰিক সৰঞ্জামো।













