![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেওবাৰে ৰাজ্যত অনুষ্ঠিত হব ৯০১৭টা অসম আৰক্ষীৰ বহুকেইটা বিভাগৰ কনিষ্টবল লিখিত পৰীক্ষা।শান্তিপূৰ্ণ আৰু নিখুঁত ভাৱে পৰীক্ষা অনুষ্ঠিত কৰা বাবে ইতিমধ্যে পৰীক্ষা কেন্দ্ৰত নিয়োজিত আৰক্ষীক প্ৰশিক্ষণ প্ৰদানৰ কথা জানিবলৈ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তথা অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ ভাস্কৰজ্যোতি বৰুৱাই।পৰীক্ষাৰ্থীসকলে কেৱল প্ৰয়োজনী সমগ্ৰীসমূহ বাহিৰে অন্য কোনো সামগ্ৰী পৰীক্ষা হলৰ ভিতৰত নিব নোৱাৰিব।পৰীক্ষাৰ অনুষ্ঠিত ডেৰ ঘণ্টা পূৰ্বেই প্ৰাৰ্থীক নিজ নিজ কেন্দ্ৰত উপস্থিত হোৱা আহ্বান মহন্ত। প্ৰাৰ্থীসকলক ভিতৰত প্ৰৱেশৰ পূৰ্বেই কৰা হ’ব স্কেন। কোনো প্ৰাৰ্থীয়ে যাতে পৰীক্ষা হলৰ ভিতৰত বৈদ্যুতিক কোনো যন্ত্ৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তন্ন তন্নকৈ কৰা হব পৰীক্ষা- সঞ্চালক প্ৰধান গৰাকীয়ে কয়। উল্লেখ্য যে কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীক লিখিত পৰীক্ষা বাবে আমন্ত্ৰণ জনোৱা হৈছে। নিয়ম মতে এটা পদৰ বিপৰীতে ৫জন প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনাইছে।
ইফালে কোনো প্ৰাৰ্থী বা অভিভাৱকে যদি অসৎ পন্থাৰ অৱলম্বন কৰি ধৰা পৰে তেন্তে তাৰ বিৰুদ্ধে কঠোৰ শাস্তি সন্মুখীন হব বুলিও স্পষ্টকৈ উল্লেখ কৰে মহন্তই।













