![]()
নিউজ ডেস্কঃ
জ্য পৰিবহণ বিভাগৰে পৰ্যায়লোচন বৈঠকত মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। খানাপাৰাস্থ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী প্ৰমুখ্যে বিভাগৰ শীর্ষ বিষয়াৰ মিলিত হয় বৈঠকত। উল্লেখ্য যে পৰিবহণ বিভাগত পুনৰ ১০টা সেৱা জনতাৰ সুবিধাৰ্থে অনলাইন ফ্ৰেছলেচ হিচাপে মুকলি কৰিছে।তাৰ ভিতৰত আছে বাহন ট্ৰেন্সফাৰ, হাইপঠিকেচন, আন্ত জিলা আৰু আন্ত ৰাজ্যিক NOC, বাহনৰ স্বতাধিকাৰী ঠিকনা সলনি, ডব্লিকেট বাহনৰ পঞ্জীয়ন পত্ৰ, আন্তৰ্জাতিক চালক অনুজ্ঞাপত্ৰ, নষ্ট হৈ যোৱা অনুজ্ঞাপত্ৰ পুনৰ প্ৰস্তুত কৰা আদি সেৱাসমূহ এতিয়াৰে পৰা পৰিবহণ বিষয়া কাৰ্যালয়লৈ নহাকৈ ঘৰৰ পৰাই গ্ৰহণ কৰিব পাৰিব।
উল্লেখ্য যে ২০২১বৰ্ষ ২ছেপ্টেম্বৰ পৰা গাড়ী চালকৰ শিকাৰো অনুজ্ঞাপত্ৰ, ফিটনেছ চাৰ্টিফিকেট আৰু চালক অনুজ্ঞাপত্ৰ পুনৰনবীনকৰণ প্ৰক্ৰিয়া ফ্ৰেছলেচ অনলাইন পদ্ধতিত প্ৰদান কৰি আহিছে।বর্তমানলৈ এই পদ্ধতিৰে শিকাৰো অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰিছে ৪লাখ ৫১ হাজাৰ ২৫৪জনে, ফিটনেছ প্ৰমাণ পত্ৰ ৫৫হাজাৰ ৪৯৬ জনে আৰু চালক অনুজ্ঞাপত্ৰ পুনৰনবীনকৰণ ৩৮৭৬ জনে একেদৰে ডব্লিকেট অনুজ্ঞাপত্ৰ ৩২২জনে সংগ্ৰহ কৰিছে। এই কথা জানিব দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
পৰিবহণ বিভাগৰ যিসমূহ কাম কাৰ্যালয়লৈ নহাকৈয়ে ব্যক্তিগৰাকীয়ে গ্ৰহণ কৰাটো সম্ভৱ তেনে কামসমূহক অনলাইনৰ জৰিয়তে উপলব্ধ কৰাবলৈ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।













