![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালা বনগাঁৱত আজি সংঘটিত এক দুৰ্ঘটনাত কৃষি বিভাগৰ এডিঅ’ তথা কোকৰাঝাৰ জিলাৰ বিজিতগ্ৰা নাৰ্জাৰীৰ মৃত্যু হয়। লগতে, আঘাতপ্ৰাপ্ত হয় তেওঁৰ পত্নী ইষ্টা দৈমাৰী তথা চালক হৰিশ বসুমতাৰী।
বিজিতগ্ৰাই তেওঁৰ পত্নীৰ সৈতে ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ হোন্দা ব্ৰায়’ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে খুন্দিওৱাৰ ফলত আগৰ ছিটত বহি থকা বিজিতগ্ৰা গুৰুত্বৰভাৱে আহত হয়। ফলত তেওঁক ৰঙিয়াস্থিত স্বস্তি হস্পিতালত লৈ যোৱা হয় যদিও মৃত্যু হোৱা বুলি ঘোষণা কৰে।
উল্লেখ্য যে বিজিতগ্ৰাই ওডালগুৰীত কালি মৃত্যু হোৱা শহুৰৰ পৰিয়ালৰ খবৰ ল’বলৈ আজি পুৱা পত্নীৰ সৈতে গৈছিল । উভতি অহা সময়ত ৰঙিয়াত দুৰ্ঘটনাটো সংঘটিত হৈ অকালতে তেওঁ মৃত্যুক সাবটি ল’বলগীয়া হয়।













