![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী দীপিকা পাডুকন অভিনীত ছবি ‘গেহৰাইয়া’ ত অভিনেত্ৰী গৰাকীয়ে কৰা অন্তৰংগ দৃশ্যৰ বিষয়ে আলোচনাৰ শেষ হোৱা নাই সচেতন মহলত। দীপিকা পাডুকন আৰু সিদ্ধান্ত চতুৰ্বেদীৰ মাজৰ ৰোমাণ্টিক দৃশ্যৰ বিষয়ে বহুকথা কোৱা হৈছে। এতিয়া সিদ্ধান্তই প্ৰশ্নটোৰ উত্তৰ দিছে যে, তেওঁ দীপিকাৰ সৈতে এনে দৃশ্যৰ বাবে ৰণবীৰৰ পৰা অনুমতি লৈছিল নে নাই!
অৱশ্যে, সিদ্ধান্ত চতুৰ্বেদীয়ে বহুদিন আগতে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে, “ৰোমান্টিক অথবা অন্তৰংগ দৃশ্যৰ বিষয়ে তেওঁক কি কোৱা হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়!” সিদ্ধান্ত চতুৰ্বেদীয়ে সংবাদ মাধ্যমক কয় যে, “অনুমতি হিচাবে এইবোৰ একো কৰিব লগা হোৱা নাছিল। আমি পেছাদাৰী অভিনেতা-অভিনেত্ৰী। আমি আমাৰ সমীকৰণৰ বিষয়ে জানো।” উল্লেখ্য যে, সচেতন মহলত সঘনাই উত্থাপিত এই প্ৰশ্নটোৰ বাবে খং উঠিছিল অভিনেতা সিদ্ধান্তৰ। কিন্তু সিদ্ধান্তই এইটোও কৈছে যে, “ৰণবীৰ দৃশ্যগ্ৰহণৰ সময়ত কেইদিনমানৰ বাবে গোৱালৈ আহিছিল।”
উক্ত ছবিখনৰ ৰোমান্টিক দৃশ্য সমূহৰ শ্বুটিং গোৱাত কৰা হৈছিল। বিতৰ্কৰাণী কংগনা ৰাণাৱটেও এনে দৃশ্যৰ বিষয়ে বহুতো বিতৰ্কমূলক কথাৰ উত্থাপন কৰিছে। অৱশ্যে, দীপিকাক ছ’চিয়েল মিডিয়াতো ট্ৰ’ল কৰিব লগা দেখা গৈছিল।













