![]()
স্বাস্থ্য প্ৰতিবেদনঃ
সকলো মাছতেই কিবা নহয় কিবা গুণ আছে। কিন্তু কাঁইটৰ ভয়ত বহুতেই কিছু কিছু মাছ এৰাই চলে। বিশেষকৈ শিশুসকলে। কিন্তু ৰৌ মাছ কিন্তু এইদিশৰ পৰা সুবিধাজনক।
ৰৌ মাছত আছে প্ৰচুৰ প্রোটিন। শৰীৰ সুস্থ ৰখাৰ ক্ষেত্রত প্রোটিনৰ ভূমিকা অপৰিহার্য। ৰৌ মাছত কেলোৰিৰ পৰিমাণ অতি কম। ফলত যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে আদর্শ হ’ব পাৰে এইবিধ মাছ। ৰৌ মাছৰ তেলত থাকে অসম্পৃক্ত ফেটি এচিড যিয়ে ৰক্তৰ ক্ষতিকাৰক কোলেষ্টেৰল এলডিএল আৰু ভিএলডিএল হ্রাস কৰে আৰু উপকাৰী কোলেষ্টেৰল এইচডিএলৰ মাত্রা বৃদ্ধি কৰে। ইয়াৰ ফলত হৃদযন্ত্রত চর্বি জমা হ’ব নিদিয়ে।
আমেৰিকাৰ স্কুল অব নিউট্রিচনৰ চিকিৎসা সংক্রান্তীয় পত্রিকা অনুযায়ী, ৰৌ মাছে উচ্চ ৰক্তচাপৰ আশংকা কমায়। উচ্চ ৰক্তচাপ থাকিলে সেয়াও কমোৱাত সহায় কৰে।
‘নেচনেল চেণ্টাৰ ফৰ বায়োলজিকেল ইনফৰমেচন’ৰ মতে, ওমেগা থ্রিয়ে ৰক্তৰ অণুচক্রিকা গোট মাৰিব নিদিয়ে। ফলত ৰক্তনলীত গোট মাৰিব নোৱাৰাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বহুখিনি কম থাকে। ৰৌ মাছত আছে ভিটামিন এ, ডি, ই। কেলচিয়াম, জিঙ্ক, ছ’ডিয়াম, লো-খনিজ সমৃদ্ধ ৰৌ মাছে স্নায়ুতন্ত্র আৰু ফেটৰ বিপাক ক্রিয়াতো ব্যাপকভাবে সহায় কৰে।













