![]()
নিউজ ডেস্কঃ
ইউক্রেন-সঙ্কট সমাধা হোৱাৰ দিশত নেকি? পূব ইউক্রেইনত ৰাছিয়া আৰু ফ্রান্সে যুদ্ধবিৰতিত সন্মত হোৱাত এই সম্ভাৱনাৰ কথাই ওলাইছে। জানিব পৰা মতে, দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিন আৰু ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৱে প্রায় দুঘণ্টা টেলিফোনত কথা পাতে।
ইউক্রেইনৰ বর্তমান পৰিস্থিতি সন্দৰ্ভত দুয়ো দেশৰ ৰাষ্ট্রপ্রধানৰ মাজত আলোচনা হয়। উদ্ভৱ হোৱা পৰিস্থিতিৰ কূটনৈতিক সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও সন্মত হৈছে তেওঁলোক। মেক্ৰৰ কাৰ্যালয়ৰ পৰা জনোৱা হৈছে, পুতিনে বেলাৰুছৰ পৰা ৰাছিয়ান সেনা প্রত্যাহাৰৰ ক্ষেত্ৰত সেউজ সঙ্কেত দিছে।
আনহাতে, ইউক্রেইন সন্দৰ্ভত আলোচনাৰ বাবে যিকোনো সময়ত সাক্ষাৎ হ’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ। আমেৰিকাৰ এটি টেলিভিছন অনুষ্ঠানত এই কথা জনাইছে ছেক্রেটাৰী অব ষ্টেটছ এন্টনি ব্লিঙ্কেনে। তেওঁ কয়, ‘‘আমি যি প্রত্যক্ষ কৰিছো, তাৰ পৰা ভাব হৈছে এইটো (ইউক্রেইন সীমান্তত ৰাছিয়া সেনাৰ টহল) অত্যন্ত গুৰুতৰ বিষয়। যিকোনো মুহূর্ততে ইউক্রেইনত আক্রমণ হতে’ব পাৰে।’’













