![]()
নিউজ ডেস্কঃ
একাগ্ৰতা আৰু অদম্য ইচ্ছাই যে মানুহৰ কিমান দূৰলৈ লৈ যাব পাৰে, তাৰেই নিদর্শন কেৰালাৰ এজন বিদ্যুৎকৰ্মী। কাঠেৰে হুবহু এনফিল্ড বুলেট নিৰ্মাণ কৰি চমক সৃষ্টি কৰিলে তেওঁ।
তেওঁৰ নাম জিদহিন কৰুলাই। দুবছৰ পূৰ্বে বিভিন্ন ধৰণৰ কাঠেৰে বাইকখন নিৰ্মাণ কৰা আৰম্ভ কৰে কৰুলাই। পেছাত এজন বিদ্যু্ৎকৰ্মী হ’লেও কাঠেৰে বিভিন্ন ধৰণৰ মূর্তি নিৰ্মাণৰ প্রতি আগ্ৰহ তেওঁৰ শৈশৱৰ পৰাই। ইয়াৰ পূৰ্বে সৰু এখন বাইক নিৰ্মাণ কৰি সংবাদ শিৰোনামলৈ আহিছিল কৰুলাই।
কিন্তু এইবাৰ একে আকাৰৰ বুলেট নিৰ্মাণ কৰি সকলোকে চমক দিছে তেওঁ। চালে বুজিবৰ উপায় নাই যে সেইখন কাঠেৰে নিৰ্মাত। আনকি বাইকৰ চকাও কাঠেৰেই নিৰ্মাণ কৰিছে কৰুলাই।
তেওঁ জনোৱা মতে, দুবছৰ পূৰ্বে এই বাইক নিৰ্মাণৰ আৰম্ভ কৰে। মালয়েশিয়ান কাঠ, চেগুণ কাঠেৰে বাইকৰ বিভিন্ন অংশ নিৰ্মাণ কৰিছে। এই কামত প্ৰকৃত এনফিলন্ড বুলেট নিৰ্মাণত যি খৰচ, তেনে খৰচেই হোৱা বুলি জনাইছে কৰুলাই। আচল এনফিল্ডৰ সৈতে ইয়াৰ পাৰ্থক্য এটাই, সেইখন চলাব পাৰি আৰু এইখন চলাব নোৱাৰি।













