ASSAM TIMES POST
নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ সভা গৃহত দিনযোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।

এই উপলক্ষে নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহন কৰি বিশিষ্ট শিক্ষাবিদ বিপুল কটকীয়ে কয় যে জ্যেষ্ঠ নাগৰিক সকলে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
জ্যেষ্ঠ নাগৰিক সকলৰ সন্মুখত দেখা দিয়া সমস্যা সমূহ সমাধান হলেহে তেওঁলোকে সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰিব । এই ক্ষেত্ৰত শিক্ষাবিদ গৰাকীয়ে চৰকাৰ আৰু সমাজৰ সকলো স্তৰৰ লোকক নিষ্ঠাৰে দায়িত্ব পালনৰ আহবান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভীষ্ম দুৰ্ল্লভ মহন্তই জ্যেষ্ঠ নাগৰিক সকল বিভিন্ন অভিজ্ঞতাৰে পুষ্ট বুলি মন্তব্য কৰি লগতে কয় যে তেওঁলোকে নৱ প্ৰজন্মক সঠিক পথৰ নিৰ্দেশনা দিব পাৰে।
মঞ্চৰ সম্পাদক মুক্তি বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত জ্যেষ্ঠ নাগৰিক তুলসী শইকীয়া, দিলীপ কুমাৰ , নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সাংবাদিক জিতেন বৰকটকীৰ লগতে ভালেকেইজন বিশিষ্ট লোকে ভাষন দিয়ে।
শতাধিক জ্যেষ্ঠ নাগৰিকে অংশ গ্ৰহণ কৰা সভাখনত গুনদা গোস্বামীৰ নেতৃত্বত জ্যেষ্ঠ মহিলাসকলে সমবেত সংগীত, কৃশান সিঙে বৰগীত, ভদ্ৰকান্ত বৰাই লোকগীতৰ উপৰি ভালেকেইগৰাকী জ্যেষ্ঠ নাগৰিকে কবিতা আবৃত্তি, গীত আদি পৰিৱেশন কৰে। সভাত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সম্পাদক ভোগেশ্বৰ বৰাই।













