![]()
নিউজ ডেস্কঃ
চমক সৃষ্টি কৰিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ আৰ প্রজ্ঞানন্দে। বিশ্বৰ এক নম্বৰ দবা খেলুৱৈ মেগনাছ কার্লছেনক পৰাস্ত কৰে তেওঁ। এয়াৰথিংছ মাষ্টাৰ্ছ নামৰ এক অনলাইন দবা প্রতিযোগিতাত এই অঘটন ঘটায় তেওঁ। ক’লা ৰঙৰ গুটিৰে খেলিছিল প্রজ্ঞানন্দই।
৩৯তম চালতেই তেওঁ পৰাস্ত কৰে কার্লছেনক। তাৰ পূৰ্বে একেৰাহে তিনিখন মেচত জয়লাভ কৰিছিল কার্লছেনে। কিন্তু ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰজনৰ ওচৰত থমকি যায় তেওঁৰ বিজয় ৰথ। আঠ ৰাউণ্ডৰ শেষত আঠ পইন্ট লৈ যুটীয়াভাবে ১২ নম্বৰ স্থানত আছে তেওঁ।













