![]()
নিউজ ডেস্কঃ
কোভিডত আক্রান্ত হ’ল ৰাণী এলিজাবেথ। দেওবাৰে তেওঁৰ ৰিপোর্ট পজিটিভ আহে। তেওঁৰ বৰ্তমান বয়স হৈছে ৯৫ বছৰ। তেওঁৰ ‘মৃদু উপসর্গ’ থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য, ৰাণী এলিজাবেথ ব্রিটেইনৰ সিংহাসনত বহিছে ৭০ বছৰ পূৰ্বে।
ৰাণী হোৱাৰ ৭০ বছৰ পূর্তিৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ব্রিটেইনত। তাৰ মাজতেই এই ৰোগৰ খবৰ। ১০ ফেব্রুৱাৰীত ৰাণীৰ পুত্ৰ প্রিন্স চার্লছৰো কোভিড ৰিপোর্ট পজিটিভ আহে দ্বিতীয়বাৰৰ বাবে।













