![]()
নিউজ ডেস্কঃ
সম্প্রতি এটি কঁঠালৰ ছবি নেট মাধ্যমত ভাইৰেল হৈছে। বিক্ৰীৰ বাবে ৰখা কঁঠালটোৰ গাত দাম লিখা আছে ১৬০ পাউণ্ড। অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ১৬ হাজাৰ টকা। এই ১৬ হাজাৰটকীয়া কঁঠালক লৈ বিপুল চার্চা নেট মাধ্যমত। ছবিখন লণ্ডনৰ সৰ্ববৃহৎ আৰু পুৰণি বজাৰ বোৰো মার্কেটৰ।
সাধাৰণতে আমাৰ দেশত কঁঠালৰ মূল্য অতি বেছি ১০০-২০০ টকা। তাকো আকৌ বৃহৎ আকাৰৰ। কিন্তু লণ্ডন উক্ত কঁঠালেই বিক্রী হৈছে ১৬ হাজাৰ টকাত! ছবিখন প্রকাশ্যে অহাৰ পিছৰ পৰাই নেট মাধ্যমত বিষয়টিক লৈ সৃষ্টি হৈছে বিভিন্ন মুখৰোচক আলোচনাও।
কোনোৱে কৈছে, কঁঠাল বিক্রী কৰি কোটিপতি হোৱাৰ বাবে লণ্ডনলৈ যাব লাগিব। কোনোৱে কৈছে, লণ্ডনত কঁঠালৰ ব্যৱসায় খুলিব।
কিন্তু কিয় ইমান দাম? ব্রিটেইনত কঁঠালৰ উপযোগী পৰিবেশ নাই। সেয়ে তাত কঁঠাল দুর্লভ। ব্রিটেইনত কঁঠালৰ চাহিদা বৃদ্ধিৰ কাৰণে কঁঠালৰ আমদানি বাঢ়িছে। ফলত উক্ত হিচাবতে মূল্যৰ ওপৰতো প্রভাৱ পৰিছে।
নিৰামিষভোজীসকলৰ মাজত কঁঠালৰ চাহিদা বাঢ়িছে। মাংসৰ বিকল্প হিচাবে ইয়াক খোৱা হৈছে।













