![]()
নিউজ ডেস্কঃ
৪৯ দিন পিছত দেশত দুই লাখৰ তললৈ নামিল মুঠ সক্রিয় কৰোনা আক্রান্তৰ সংখ্যা। লগতে একেকোবে বহুখিনি নামিল দেশত কোভিডৰ দৈনিক আক্রান্তৰ সংখ্যাও। শনিবাৰৰ তুলনাত প্রায় তিনি হাজাৰ কমিল দৈনিক আক্রান্তৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ মঙলবাৰে প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুন আক্রান্ত ১৩ হাজাৰ ৪০৫। সোমবাৰে যিটো আছিল ১৬ হাজাৰ ৫১।
আনহাতে, বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ ১.৯৩ শতাংশ। দৈনিক সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা। কেৰালাত অন্তিম ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৮ হাজাৰ ৯৮ জন। দৈনিক সংক্রমণৰ হিচাবত ইয়াৰ পিছতেই আছে মহাৰাষ্ট্র।
ইফালে বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২০৬ জনৰ। দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫ লক্ষ ১২ হাজাৰ ১০৯। বাঢ়িছে দৈনিক সুস্থতাৰ হাৰো। বিগত ২৪ ঘণ্টাত সুস্থতাৰ হাৰ ৯৮.৩০ শতাংশ।













