![]()
নিউজ ডেস্কঃ
নামনি অসমৰ ড্ৰাগছ মাফিয়া আয়তুল আলীক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে। ৯ গ্ৰাম হিৰইন সহ সহযোগী চিৰাখুন্দিৰ নৰুল হকৰ লগত আৰক্ষীৰ জালত পৰিলে আয়তুল আলী।
গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত AS-01-ET-7856 নম্বৰৰ স্কৰপিঅ’ গাড়ীৰ সৈতে আটক হয় ড্ৰাগছ মাফিয়াটো। সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। উল্লেখ্য যে, ৭ মাহ পূৰ্বেও ৰঙিয়া আৰক্ষীয়ে আটক কৰিছে আয়তুলক।













