![]()
নিউজ ডেস্কঃ
পুনৰ নাবালিকাক গণধর্ষণ আৰু হত্যাৰ ঘটনা দিল্লীত৷ এগৰাকী ১৪ বছৰীয়া নাবালিকাক খাদ্যবস্তুৰ লোভ দেখুৱাই গণধর্ষণ কৰিলে দুই ব্যক্তিয়ে! ধর্ষণৰ পিছত তেওঁক হত্যা কৰাৰো অভিযোগ। এই ঘটনা দিল্লীৰ নাৰেলা এলেকাৰ। ১০৭ জনক জেৰাৰ পিছত অভিযুক্তসকলৰ এজনক গ্রেপ্তাৰ কৰা বুলি দিল্লী আউটাৰ-নর্থ ডেপুটি কমিছনাৰ ব্রিজেন্দ্র কুমাৰ যাদৱে জনাইছে।
ঘটনাটো ১২ ফেব্রুৱাৰীৰ। ১৪ বছৰীয়া নাবালিকাজনী ঘৰৰ পৰা নোহোৱা হয়। তেওঁৰ পিতৃ-মাতৃ তথা ভাতৃয়ে বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিন্তু তিনি দিন ধৰি বিচাৰিও সন্ধান নোপোৱাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তালাচী আৰম্ভ কৰে আৰু অপহৰণৰ গোচৰ দাখিল কৰে।
যোৱা শনিবাৰে নাৰেলাৰ সান্নোথ গাঁৱৰ এজন দোকানীয়ে আৰক্ষীক ফোন কৰি জনায় যে তেওঁ কিছুদিন ঝাঞ্চিত থকাৰ পিছত উভতি আহি দোকানৰ ভিতৰৰ পৰা দুর্গন্ধ পাইছে। আৰক্ষীয়ে উক্ত দোকানখন খোলাত উদ্ধাৰ হয় নাবালিকাগৰাকীৰ পচিব ধৰা মৃতদেহ। মৃতদেহটো বস্তাত ভৰাই ৰখা হৈছিল।
দোকানীজনে ইয়াকো জনায় যে তেওঁৰ দুই কর্মচাৰীও পলাতক। আৰক্ষীয়ে দুয়োৰে সন্ধানত নামি ঘৰলৈ যায় যদিও নাপায়। পিছত তাৰে মাজৰ এজনক সান্নোথ এলেকাৰ পৰা ঘৰে আৰক্ষীয়ে। জানিব পৰা মতে, অভিযুক্ত দুয়োৰে প্ৰকৃত ঘৰ উত্তৰ প্রদেশৰ হৰদৈ এলেকাত আৰু দিল্লীত একেলগে থাকে।













