![]()
নিউজ ডেস্কঃ
শিলচৰৰ চহৰতলী চেংকুৰীৰ ১৮ বছৰীয়া কলেজ ছাত্ৰী নিশা সিনহাক মংগলবাৰে দুপৰীয়া নৃশংসভাৱে হত্যা কৰা হয়। চেংকুৰী ভৰতপুৰৰ আৰক্ষী মধু সিনহাৰ ঘৰত ভাড়াতীয়া হিচাবে থকা ইণ্ড্ৰাষ্টিয়েল বেংকৰ কৰ্মচাৰী অমৰ সিঙে সংঘটিত কৰে এই হত্যাকাণ্ড।
আজি দুপৰীয়া কিশোৰী গৰাকীয়ে এটা শিশুক লৈ ধানপথাৰলৈ গৈছিল আৰু তাত অমৰ চোকা অস্ত্ৰৰে ৰৈ আছিল। অকলশৰীয়া নিশাক পাই অভিযুক্ত যুৱকে চোকা দাৰে আক্ৰমণ কৰে ।

স্থানীয় লোকে জনাই যে, নিশাক আক্ৰমণ কৰাৰ পিছত তাই শিশু সহ মাটিত বাগৰি পৰে। যুৱকজনে তাইৰ শৰীৰৰ কেইবা ঠাইত ঘপিয়ায়। ঘটনাটোৰ পিছত যুৱকজনে সেই স্থান ত্যাগ কৰে ।
পৰৱৰ্তী সময়ত, আৰক্ষীয়ে যুৱতীগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহটো উদ্ধাৰ কৰে আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্ত যুৱক অমৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজৰ মতে, প্ৰেমত ব্যৰ্থ হৈ যুৱক অমৰ কিশোৰী গৰাকীক হত্যা কৰে।













