![]()
স্বাস্থ্য প্ৰতিবেদনঃ
১। ছালৰ যত্নত
এলোভেৰা ভাঙিলে ভিতৰত যি জেলিৰ দৰে পদার্থ দেখা যায়, সেয়া ছালৰ আর্দ্রতা বজায় ৰখাত অতি উপযোগী। ইয়াত থাকে একাধিক ভিটামিন যাৰ ভিতৰত ভিটামিন ই আৰু ভিটামিন চি ছালৰ বাবে বিশেষভাবে উপযোগী। তাৰ উপৰি ইয়াত থাকে প্রচুৰ পৰিমাণ এন্টিঅক্সিডেন্ট যিয়ে ছালক কোমল আৰু নৰম কৰি ৰাখে। ৰ’দে পোৰা ছালক পুনৰায় সজীৱ কৰাতো সহায় কৰে এলোভেৰাই।
২। ‘মেক আপ’ উঠাবলৈ
যিহেতু ই ছালৰ বাবে কোমল আৰু আর্দ্রতাৰে পৰিপূর্ণ, সেয়ে কৃত্রিম ৰূপচৰ্চা উঠোৱাৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। অলপ তুলাৰ টুকুৰাত এলোভেৰা পানীত মিহলাই মচি দিলেই কাম শেষ। কেৱল মেক আপেই নহয়, দৈনিক ধূলি-ময়লা আঁতৰাবলৈও একেদৰে ব্যৱহাৰ কৰিব পৰা যায় এই পদ্ধতি।
৩। দাড়ি কটা ক্রিম হিচাবে
ইয়াৰ ঘনত্ব আৰু তৈলক্ত ৰূপৰ বাবে দামী দাড়ি কটা চাবোন বা ক্রিমৰ সলনি ব্যৱহাৰ কৰিব পৰা যায়। গৰম পানী, অলপ তেল আৰু এলোভেৰা জেলৰ মিশ্রণ ব্যৱহাৰ কৰিব পৰা যায় দাড়ি কটাৰ সময়ত।
৪। দাঁতৰ যত্নত
এলোভেৰাৰ ৰসে দাঁত আৰু আলুৰ বিষৰ উপশম কৰে। দাঁতত কোনো সংক্রমণ থাকিলে দূৰ কৰে। নিয়মিত এলোভেৰাৰ ৰস খালে দাঁতৰ ক্ষয় ৰোধ কৰা সম্ভৱ।
৫। কেঞ্চাৰ প্রতিৰোধত
গৱেষণাত দেখা গৈছে যে, এলোভেৰাত আছে এলো ইমোডিন, যিয়ে স্তন কেঞ্চাৰ ৰোধ কৰে। ইয়াৰ উপৰি অন্যান্য কিছু কেঞ্চাৰো প্রতিৰোধত এলোভেৰাই কার্যকৰী ভূমিকা পালন কৰে বুলি প্ৰকাশ।
ইয়াৰ উপৰি সংবহনতন্ত্রৰ স্বাস্থ্য ৰক্ষাত, কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ আৰু ডায়েবেটিছ কমোৱাতো ইয়াৰ ভূমিকা আছে বুলি মত বিশেষজ্ঞসকলৰ।













