![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা আৰোপ আৰম্ভ আমেৰিকা আৰু তেওঁলোকৰ পশ্চিমীয়া বন্ধু দেশবোৰৰ। মঙলবাৰে এই ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।
ইউক্রেইনত ৰাছিয়াই আক্রমণ অব্যাহত ৰাখিলে অধিক কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব বুলিও পুটিনৰ দেশক সাৱধানবাণী হোৱাইট হাউছৰ। এই নিষেধাজ্ঞাৰ ফলত পশ্চিমীয়া দেশৰ সৈতে মস্কোৰ সকলো ধৰণৰ অর্থনৈতিক লেনদেন সম্প্ৰতি বন্ধ হৈ পৰিল।
বাইডেনে লগতে জনাইছে, কেৱল দেশ হিচাবে নহয়, ৰাছিয়াৰ বৃহৎ উদ্যোগপতিসকলৰ বাবেও বন্ধ পশ্চিমীয়া বজাৰ। লগতে ৰাছিয়াৰ সৰ্ববৃহৎ বেঙ্ক ভিইবি আৰু মিলিটাৰী বেঙ্কৰ ওপৰতো জাৰি হ’ব এই নিষেধাজ্ঞা। উল্লেখ্য, পূৰ্বতেই ইউৰোপৰ বজাৰ ৰাছিয়াৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ইয়োৰোপীয় ইউনিয়নে। এইবাৰ আমেৰিকাইও একেই সিদ্ধান্তৰ কথা ঘোষণা কৰিলে।
কেৱল অর্থনৈতিক নিষেধাজ্ঞাই নহয়, ইউক্রেইন সঙ্কট চম্ভালিবলৈ কিয়ভক যুদ্ধাস্ত্র দিয়াৰ কথাও ঘোষণা কৰিছে বাইডেনে। তেওঁ কয়, ‘‘নেটোৰ এলাকা ৰক্ষাৰ বাবে আমেৰিকা দায়বদ্ধ।
যিকোনো মূল্যৰ বিনিময়ত সেয়া ৰক্ষা কৰা হ’ব। এই কাৰণেই ইউক্রেইনক আত্মৰক্ষাৰ বাবে প্রয়োজনীয় অস্ত্রশস্ত্র সৰবৰাহৰ সিদ্ধান্ত লোৱা হৈছে।’’ অৱশ্যে এই মুহূর্তত ৰাছিয়াৰ সৈতে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হোৱাৰ কোনো সম্ভাৱনা যে আমেৰিকাৰ নাই, সেয়াও স্পষ্টভাৱে জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।













