![]()
নিউজ ডেস্কঃ
বাচন পৰিষ্কাৰ কৰিবলৈ কৈছিল মাতৃয়ে। তাতেই খঙত অগ্নিশৰ্মা হৈ পৰে এগৰাকী কিশোৰী। তাৰ পিছত আৰম্ভ হয় মাকৰ বকনি৷ তাৰ পিছতেই হাতত থকা ফ্রাই পেনেৰে মাতৃৰ মূৰত আঘাত কৰে। ৰক্তাক্ত অৱস্থাত লুটি খাই মাটিত পৰে মাতৃ। পিছত তেওঁক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ গ’লেও চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষী সূত্র মতে, মৃত মহিলাগৰাকীৰ বয়স ৩০ বছৰ। স্বামীৰ সৈতে বিচ্ছেদৰ পিছত নিজৰ জীয়ৰীক লগত লৈ গ্রেটাৰ নয়ডাত এটি ফ্লেটত আছিল। মঙ্গলবাৰে সন্ধ্যা জীয়ৰী ঘৰলৈ অহাৰ পিছত বাচন ধোৱাক লৈ মাতৃ-জীয়ৰীৰ মাজত খকাখুন্দা লাগে। তেতিয়াই হঠাতে মাতৃক আক্ৰমণ চলায় জীয়েকে।
আৰক্ষী বিষয়া ৰণবিজয় সিঙে জনোৱা মতে, প্রাথমিকভাবে কিশোৰীগৰাকীয়ে জনায় যে তেওঁ খোজকাঢ়িবলৈ ওলাই গৈছিল৷ ঘৰলৈ ঘূৰি আহি দেখে ৰক্তাক্ত অৱস্থাত পৰি আছে মাতৃ। কিন্তু কিশোৰীগৰাকীৰ ভাষ্যত বিসঙ্গতি লক্ষ কৰে তদন্তকাৰীসকলে। তাৰ পিছতেই তেওঁলোকে ফ্লেটটো আৰু তাৰ ওচৰ-পাজৰৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰে।
যি সময়ৰ কথা কিশোৰীগৰাকীয়ে কৈছিল, সেই সময়ত কোনো বাহিৰলৈ ওলোৱা বা সোমোৱা নাছিল। তাৰ পিছতেই পুনৰ কিশোৰীগৰাকীক জেৰা কৰাত সত্য ঘটনাটো জনায়। কিশোৰীগৰাকীৰ বিৰুদ্ধে তেওঁৰ মোমায়েকে অভিযোগ দাখিল কৰিছে। উক্ত অভিযোগৰ ভিত্তিত কিশোৰীগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।













