![]()
নিউজ ডেস্কঃ
অভিভাৱকসকলে ভোট দিলেই পৰীক্ষাত অতিৰিক্ত ১০ নম্বৰ পাব শিক্ষাৰ্থীসকলে। উত্তৰ প্রদেশত বুধবাৰে চতুর্থ পৰ্যায়ৰ নিৰ্বাচন চলি আছে। তাৰ পূৰ্বেই এই ঘোষণা লক্ষ্ণৌৰ এখন কলেজৰ।
কলেজ কৰ্তৃপক্ষই জনাইছে, ২৩ ফেব্রুৱাৰী আৰু বাকী পৰ্যায়ৰ নিৰ্বাচনত অভিভাৱকসকলে সক্রিয়ভাবে অংশগ্ৰহণ কৰিলেই শিক্ষাৰ্থীসকলক নম্বৰৰ এই পুৰস্কাৰ দিয়া হ’ব। কলেজখনৰ অধ্যক্ষ ৰাকেশ কুমাৰৰ দাবী, ভোটদানত উৎসাহ যোগাবলৈ আৰু ভোটাৰৰ উপস্থিতি বৃদ্ধি কৰিবলৈয়েই এই উদ্যোগ লোৱা হৈছে।
তেওঁ কয়, “২৩ ফেব্রুৱাৰী আৰু বাকী পৰ্যায়কেইটাৰ নিৰ্বাচনত শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে সক্রিয়ভাৱে অংশ ল’লেই পুৰস্কাৰ হিচাবে তেওঁলোকক অতিৰিক্ত ১০ নম্বৰ দিয়া হ’ব। কাৰণ আমি বিচাৰো ভোটদানৰ হাৰ যেন ১০০ শতাংশ হয়।”
কলেজ কর্তৃপক্ষৰ এনে ধৰণৰ উদ্যোগৰ লৈ এতিয়া তুমুল চর্চা আৰম্ভ হৈছে সমগ্ৰ উত্তৰ প্রদেশজুৰি।













