ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ভেলৱাটাৰ গাৱঁত এখনি স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰা হয়। দিনৰ ১০ বজাৰ পৰা ভেলৱাটাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত আৰু ৰঙাপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
স্বাস্থ্য সেৱা শিবিৰত স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু ঔষধ বিতৰণ কৰা হয়।স্বাস্থ্য সেৱা শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মুখ্য চিকিৎসক ও স্বাস্থ্য বিষয়া, তেজপুৰৰ ডাঃ এছ কে বৰদলৈয়ে কয় যে, বেমাৰ বা ৰোগ কেতিয়াও ঔষধ নিৰ্মূল নহয়, বেমাৰ বা ৰোগ পৰিষ্কাৰ পৰিছন্নতাত নিৰ্মূল হয়।

তেওঁ ৰাইজক বেমাৰ প্ৰতিহত কৰিবলৈ সজাগতাৰ আহ্বান জনায়। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে কয়, স্বাস্থ্য আৰু শিক্ষা সমাজৰ এক সমস্যা জৰ্জৰিত বিভাগ। তেওঁ ভিতৰুৱা অঞ্চলত এনে ধৰণৰ স্বাস্থ্য সেৱা শিবিৰ পাতিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনায়।
ভেলৱাটাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বগাই গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত সভা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণা কেম্প্ৰাইয়ে। ৰঙাপৰা খণ্ড চিকিৎসা কেন্দ্ৰৰ চিকিৎসক তথা মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিলিৰাম অধিকাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে।
ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰৰ বহুমুখী স্বাস্থ্য বিষয়া উত্তম মাহাতোৱে আঁত ধৰা সভাত অঞ্চলটোৰ কেইবাখনো চাহ বাগিচাৰ চিকিৎসক,কদমতল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন চক্ৰৱৰ্তী তথা বহু গন্য মান্য ব্যক্তি অংশগ্ৰহণ কৰে।
সভাত অংশগ্ৰহণ কৰি বক্তা সকলে গাওঁ অঞ্চল সমূহত প্রাদুর্ভাব হোৱা বিভিন্ন ৰোগৰ ক্ষেত্ৰত নিৰাময়ৰ বাবে লবলগীয়া সাৱধানতাৰ বিষয়ে বিশদ ভাবে ৰাইজক অৱগত কৰে।
লগতে ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ ক্ষেত্ৰত ৰাইজে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব আৰু আক্ৰান্ত হোৱা ৰোগীক চিকিৎসক ওচৰলৈ তৎক্ষণাত লৈ যাবলৈ আহ্বান জনায়। সভাত বাচমতি লহাৰৰ নেতৃত্বত এটি দলে ঝুমুইৰ নৃত্য প্ৰদৰ্শন কৰে।













