![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ভূখণ্ডত ৰাছিয়াই আৰম্ভ কৰিলে সেনা অভিযান। ইমান দিনে পশ্চিমীয়া বিশ্বই আৱশ্বাম্ভী বুলি দাবী কৰি থকা এই অভিযান আৰম্ভ হয় ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পুৱতিনিশাৰ পৰা। ইউক্রেইনৰ সেনাক অস্ত্র সম্বৰণৰ কথাও কৈছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে। সংবাদ সংস্থা এএফপিৰ দাবী, ৰুছ সেনাই ইতিমধ্যে ডনবাছ এলেকাত সামৰিক অভিযান আৰম্ভ কৰি দিছে। আনহাতে, সংবাদ সংস্থা ৰয়টাৰ্ছে জনোৱা মতে, ইউক্রেইনৰ বিভিন্ন প্রান্তৰ পৰা বিস্ফোৰণৰ শব্দ পোৱা গৈছে।
উল্লেখ্য বুধবাৰে মাজনিশা ইউৰোপত যুদ্ধৰ আশঙ্কাৰ কথা শুনা গৈছিল ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মুখত। তেওঁ ৰুছ জনতাক এই অৱশ্যম্ভাবী আগ্রাসনৰ বিৰাধিতা কৰিবলৈ আবেদন জনায়। মাজনিশা ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া ভাষণত জেলেনস্কিয়ে কয় যে ইউৰোপত এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৰাছিয়া। সেয়ে ৰাছিয়ান জনতাক নিষ্ঠুৰ আগ্রাসনৰ বিৰুদ্ধে থিয় দিবলৈ আবেদন জনায় তেওঁ৷
ইয়াৰ মাজতেই ইউক্রেইনত জৰুৰী অৱস্থা ঘোষণা কৰে জেলেনস্কিয়ে। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইউক্রেইন-ৰাছিয়া সঙ্কটক লৈ অনুষ্ঠিত হৈছে জুৰী বৈঠক। ৰাষ্ট্রসংঘৰ সচিব প্রধানে ইতিমধ্যে সেনা আগ্রাসন বন্ধ কৰিবলৈ পুটিনক অনুৰোধ জনাইছে। কিন্তু সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্র মতে, ডনবাছ এলেকাত বিশেষ অভিযান চলাবলৈ এতিয়াও অটল পুটিন।
তাৰ মাজতে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া নিজৰ ভাষণত জেলেনস্কিয়ে বাৰম্বাৰ দাবী কৰিছে যে তেওঁৰ দেশ ৰাছিয়াৰ বাবে মুঠেও আতঙ্কৰ কাৰণ নহয়। ইউক্রেইনৰ জনতা আৰু চৰকাৰে শান্তি বিচাৰে। কিন্তু যদি তেওঁলোকৰ ওপৰত যুদ্ধ জাপি দিয়া হয়, তেন্তে শেষ নিশ্বাস পর্যন্ত যুঁজি যাব বুলিও তেওঁ কয়।













