![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণক প্রৰোচনাহীন আৰু অযৌক্তিক বুলি গৰিহণা দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। লগতে জনাই দিলে, ৰাছিয়াই এই পদক্ষেপৰ মূল্য পৰিশোধ কৰিব লাগিব।
উল্লেখ্য, ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পুৱাৰ পৰাই পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হৈ গৈছে ৰাছিয়া-ইউক্রেইন সীমান্তত। ইউক্রেইনৰ সেনাক অস্ত্র সম্বৰণৰো নির্দেশ দিছে পুটিনে। ৰাছিয়াৰ এই পদক্ষেপৰ সমালোচনা কৰি বাইডেনে কৈছে ৰাছিয়াৰ এই পদক্ষেপ ইউক্রেইনত মৃত্যুৰ সমদল মাতি আনিব। আৰু তাৰ বাবে সমগ্ৰ বিশ্বই ৰাছিয়াকেই দোষ দিব।
উল্লেখ্য, বৃহস্পতিবাৰে পুটিনে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এক বিবৃতি জাৰি কৰে। তাত কোৱা হৈছে, এই সিদ্ধান্তৰ ফলত ৰাছিয়াই কি পৰিণাম ভুগিব পাৰে সেয়া শীঘ্ৰেই তেওঁ স্পষ্ট কৰিব।
হোৱাইট হাউছে জনাইছে, বৃহস্পতিবাৰে যিকোনো সময়ত বাইডেনে আমেৰিকাৰ নাগৰিকসকলক উদ্দেশ্যি এটি বার্তা দিব। তাতেই তেওঁ এই বিষয়ত ঘোষণা কৰিব।













