![]()
নিউজ ডেস্কঃ
ইউক্রেইন-ৰাছিয়া যুদ্ধ পৰিস্থিতিৰ লৈ ৰাষ্ট্রসংঘত উদ্বেগ প্রকাশ কৰিলে ভাৰতে।
বৃহস্পতিবাৰে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিৰুমূর্তিয়ে কয়, ‘‘দুদিন পূৰ্বে নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছিল। আমি সোনকালে উত্তেজনা কমোৱাৰ আহ্বান জনাইছিলো আৰু পৰিস্থিতি সম্পৰ্কীয় সকলো সমস্যা মোকাবিলাৰ বাবে কার্যকৰী আৰু যুক্তিপূৰ্ণ কূটনীতিৰ ওপৰত জোৰ দিছিলো।
কিন্তু দুখেৰে জনাইছো, উত্তেজনা প্রশমিত কৰাৰ বাবে আন্তর্জাতিক মহলৰ সাম্প্রতিক উদ্যোগত সঁহাৰি লাভ কৰা নাই। সংশ্লিষ্ট পক্ষবোৰৰ সেই আহ্বান কর্ণপাত হোৱা নাই। পৰিস্থিতি এক ডাঙৰ সঙ্কটত পৰিণত হোৱাৰ আশঙ্কা আছে।’’
উল্লেখ্য, ইউক্ৰেইনত থকা ২০ হাজাৰ ভাৰতীয় সেনাৰ নিৰাপত্তাক লৈ উদ্বেগ প্রকাশ কৰিছে তিৰুমূর্তিয়ে। লগতে অবিলম্বে ইউক্রেইন সীমান্তত সেনা সংখ্যা কমোৱাৰো তেওঁ আবেদন জনাইছে।













