![]()
নিউজ ডেস্কঃ
আৰম্ভ হৈছে ইউক্ৰেইন-ৰাছিয়া যুদ্ধ৷ আজি পুৱাৰে পৰা ইউক্ৰেইন আক্ৰমণ কৰিছে ৰাছিয়াই৷ তাৰ মাজতে ৰাছিয়াৰ পাঁচখন যুদ্ধবিমান আৰু এখন হেলিকপ্টাৰ গুলীয়াই ভূপতিত কৰাৰ দাবী কৰিলে ইউক্রেইনে।
https://twitter.com/W4RW4ATCHER/status/1496733870074519555?t=7R8mg5x1-OL7DqW2QQ-aTA&s=19
ইউক্ৰেইনৰ দাবী, লুহানস্ক অঞ্চলত ৰাছিয়াৰ আক্ৰমণকাৰী পাঁচখন বিমান গুলীয়াই ভূপতিত কৰিছে। আনহাতে, ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্ৰালয়ৰ ওলোটা দাবী, ইউক্রেইনৰ বিমানবাহিনীৰ ঘাটি উৰুৱাই দিছে ৰাছিয়ান সেনাই। জানিব পৰা মতে, ৰুছ বাহিনীৰ আক্ৰমণত ইউক্রেইনৰ ৭ নাগৰিকৰ মৃত্যু হৈছে, আহত হৈছে ৯জন।
উল্লেখ্য, ৰুছ সেনাই ইউক্রেইনৰ ৰাজধানী কিয়ভত এটাৰ পিছত আনটো বিস্ফোৰণ ঘটোৱাৰ খবৰ আহিছে। ৰুছ বাহিনীয়ে ক্ষেপণাস্ত্র আক্ৰমণ চলোৱাৰো খবৰ। আনহাতে, মস্কো মহলে জনাইছে, জনবসতি অঞ্চলত কোনো আক্ৰমণ চলোৱা হোৱা নাই। ইউক্রেইনৰ সেনাঘাটি আৰু অস্ত্র ভঁৰালক লক্ষ্য কৰিহে আক্ৰমণ চলোৱা হৈছে।













