![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ আকাশত এতিয়া বাৰুদৰ গোন্ধ। ৰাজধানী কিয়ভ যেন এক সন্ত্রস্ত চহৰ। ৰাছিয়াৰ ক্ষেপণাস্ত্রৰ পৰা বাচিবলৈ মানুহে আশ্রয় লৈছে চহৰৰ মেট্রো ষ্টেচনত। আচলতে ষ্টেচনবোৰ বহুখিনি নির্ভৰযোগ্য।
সেইবোৰ মাটিৰ ইমান গভীৰত যে ক্ষেপণাস্ত্রৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে ডাঙৰ আশ্রয়। সকলোতকৈ ডাঙৰ আশ্রয় ৰাজধানী কিয়ভ চহৰৰ আৰ্ছেনালনা ষ্টেচনটো। বিশ্বৰ গভীৰতম পাতাল ষ্টেচনবোৰৰ অন্যতম এইটো। মাটিৰ ৩৪৬ ফুট তলত প্লেটফর্ম।
দ্রুতগামী চলমান চিৰিৰে গ’লেও ষ্টেচনত উপস্থিত হ’বলৈ সময় লাগে ৫ মিনিটমান। কোৱা হয় আইফেল টাৱাৰটো আনি থিয় কৰাই দিলেও ওপৰত আৰু ঠাই থাকিব।
১৯৬০ চনত নিৰ্মাণ হোৱা এই ষ্টেচনটোক প্রাকৃতিক কাৰণতেই ইমান গভীৰকৈ বনোৱা হৈছে। কিন্তু বৰ্তমান যুদ্ধৰ পৰিস্থিতিত উক্ত গভীৰতাই হৈ উঠিছে কিয়ভৰ বাসিন্দাসকলৰ বাবে নিশ্চিন্ত আশ্রয়স্থল।
আৰু সেয়ে ৰাছিয়াৰ হামলা আক্ৰমণ হোৱাৰ লগে লগেই শ শ মানুহে উক্ত ষ্টেচনটোত আশ্রয় ল’বলৈ আৰম্ভ কৰিছে। কেৱল আৰ্ছেনালনাই নহয়, আৰু বহুকেইটা গভীৰ ষ্টেচন আছে কিয়ভ চহৰত। এতিয়া এই সকলোকেইটাই হৈ উঠিছে যুদ্ধ-সন্ত্রস্ত মানুহৰ আশ্রয়স্থল।
সেইকেইটা হৈছে ১৯৬০ চনতে নিৰ্মাণ কৰা ভোকজালনা, ইউনিভাৰ্ছিয়েট, খ্রেছচাটিক আৰু ডিপ্রো ষ্টেচন।













